Posts

টেটৰ আবেদন নাকচ হলে আবেদনকাৰীয়ে ঘুৰাই নাপাবও পাৰে আবেদনমাচুল

Image
#২৭ছেপ্টেম্বৰ,২০১৯ অহা ১০ নবেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব সাধাৰণ টেট পৰীক্ষা । পৰীক্ষা কাষ চাপি অহাৰ লগে লগে এতিয়া চিন্তিত হৈ পৰিছে একাংশ পৰীক্ষাৰ্থী । শেহতীয়াকৈ শিক্ষা বিভাগৰ এখন জাননী আৰু শিক্ষামন্ত্ৰীৰ এটা মন্তব্যই আৰু অধিক চিন্তিত কৰি তুলিছে পৰীক্ষাৰ্থী সকলক । এতিয়া যিকোনো মুহূৰ্ততে নাকচ হ'ব পাৰে একাংশ পৰীক্ষাৰ্থীৰ আবেদন । শিক্ষা বিভাগে টে’ট  বাবে বি.এড.আৰু  ডি এল এড উত্তীৰ্ণ বা অধ্যয়নৰত হ’ব লাগিব বুলি জাননী জাৰি কৰাৰ পিছত এই পাঠ্যক্ৰমৰ ডিগ্ৰী/ডিপ্ল’মা নথকা সকলে বিভিন্ন প্ৰতিষ্ঠানত নামভৰ্ত্তি কৰি ৰচিদ খন জমা কৰিছিল । পিছে শিক্ষামন্ত্ৰীয়ে শেহতীয়াকৈ ২০১৭ চনৰ পিছত ডি এল এড পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থী সকলৰ  D.EL.ED প্ৰমাণপত্ৰ বৈধ নহ’ব বুলি মন্তব্য কৰাৰ পিছত এতিয়া এই সকল পৰীক্ষাৰ্থীক বিপাঙত পেলাইছে । আনহাতেদি নামভৰ্ত্তি ৰচিদ জমা কৰিব নোৱাৰাৰ ফলত আবেদন নাকচ হোৱা পৰীক্ষাৰ্থী সকলৰ আবেদনমাচুল ঘুৰাই দিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি শিক্ষামন্ত্ৰীয়ে  মন্তব্য কৰে । অনলাইন আবেদন কৰাৰ সময়ত সম্পূৰ্ণ শুদ্ধ আৰু সত্য তথ্য দি আবেদন কৰা হৈছে বুলি টিক মাৰ্ক ম...

বন্ধ হ'ব নেকি বি.এছ.এন.এল. ? ৪/৫ দিনত নিৰ্ণয় হ'ব ভৱিষ্যত

Image
#২৭ছেপ্টেম্বৰ,২০১৯ এটা এটাকৈ দেশৰ ৰাজহুৱা খণ্ডৰ  কোম্পানী সমূহ মৃত্যু মুখলৈ গতি কৰিছে । শেহতীয়াকৈ দেশৰ আন এটা ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানী মৃত্যু মুখলৈ গতিকৰাৰ খবৰে তোলপাৰ লগাইছে । ইতিহাস হৈ ৰব নেকি আপোনাৰ মোৰ অতিকৈ চিনাকি  বি.এছ.এন.এল. কোম্পানী হয়তো আপুনি আৰু নাপাব । আগন্তুক ৪-৫ দিনৰ ভিতৰত  ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানীটোৰ ভৱিষ্যত  নিৰ্ণয় হ'ব। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানীটো  কেনেদৰে পুনৰ্জীৱিত কৰিব পাৰি, সেই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ  আলোচনা অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে গঠন কৰি দিয়া  সচিব সমিতিয়ে আগন্তুক ৪/৫ দিনৰ ভিতৰত এক সিদ্ধান্তত উপনীত হৈ  বি.এছ.এন.এল. কোম্পানীক পুনৰ্জীৱিত কৰিব পাৰি নে নোৱাৰি তাৰ প্ৰতিবেদন দাখিল কৰিব লাগিব । সচিব সমিতিৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিছে এতিয়া  বি.এছ.এন.এলৰ ভৱিষ্যৎ । উল্লেখ্য যে বি.এছ.এন.এল. কোম্পানীক পুনৰ্জীৱিত কৰিব নোৱাৰিলে ১.৬৩ লাখ কৰ্মচাৰী অস্তিত্বৰ সংকটত পৰিব ।

আপুনি টেট পৰীক্ষাৰ বাবে আবেদন কৰিছে নেকি? তেন্তে এবাৰ এই নিউজটো পঢ়ক

Image
#২৭ছেপ্টেম্বৰ,২০১৯ বহুত কল্পনা জল্পনাৰ অন্ত পেলাই ৰাজ্যৰ শিক্ষা বিভাগে ৬বছৰৰ মূৰত পুনৰ টেট পৰীক্ষা অনুস্থিত কৰিবলৈ লৈছে । ইতিমধ্যে  টেট পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে । অহা ১০ নবেম্বৰত ৰাজ্যত টেট পৰীক্ষা অনুষ্ঠিত হ'ব। অনলাইন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতে শিক্ষা বিভাগে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে । অনলাইন আবেদন কৰা সকলৰ বি.এড. বা ডি.এল.এড. ডিগ্ৰী থকাটো বাধ্যতামূলক । বি এড বা ডি এল এড পঢ়ি থকা সকলে নামভৰ্ত্তি ৰচিদ জমা কৰিব লাগিব অনথা আবেদন নাকচ কৰা হ'ব আদি। এই নিৰ্দেশনা পোৱাৰ লগে লগে আবেদনকাৰী সকলৰ একাংশই শেহতীয়া কৈ বি.এড. আৰু ডি.এল.এড. পাঠ্যক্ৰমত নামভৰত্তি কৰি জমা কৰিছে । কিন্তু টেট পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শেহতীয়া এক বিশেষ মন্তব্যই এতিয়া চিন্তিত কৰিছে একাংশ আবেদনকাৰীক ‌।শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যে D.El.Ed পাঠ্যক্ৰমৰ গ্ৰহণযোগ্যতা ২০১৭ চনলৈকেহে আছিল । ২০১৭ চনৰ পিছত ডি এল এড পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থী সকলৰ  D.EL.ED প্ৰমাণপত্ৰ বৈধ নহ’ব । উল্...

দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা ভাল খবৰ

Image
#২৭ছেপ্টেম্বৰ,২০১৯ দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা সুখৰ। ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যন চমুকৈ ডি আৰ ডি অ’ত খালী হোৱা ২২৪ টা বিভিন্ন পদৰ বাবে অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থী সকলে ২১ছেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত অনলাইযোগেৰে আবেদন পত্ৰ দাখিল কৰিব পাৰিব । খালি হৈ থকা এই পদ সমূহ কেৱল দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে ।  ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যনত  নিযুক্তিৰ বাবে মুকলি কৰি দিয়া পদ সমূহ হৈছে- #ষ্টেন’গ্ৰাফাৰ গ্ৰেড-II: ১৩টা পদ। #এডমিনিষ্ট্ৰেটিভ এছিষ্টেন্ট (এ): ৫৮টা পদ। #ষ্ট’ৰ এছিষ্টেন্ট (এ): ৩২টা পদ। #ছিকিউৰিটী এছিষ্টেন্ট (এ): ৪০টা পদ। #ক্লাৰ্ক (কেন্টিন মেনেজাৰ গ্ৰেড-III) : ৩টা পদ। #এছিষ্টেন্ট হালৱাই আৰু ৰান্ধনীঃ ২৮টা পদ। #ভেহিকল অপাৰেটৰ (এ): ২৩টা পদ। #ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ (এ): ৬টা পদ। #ফায়াৰমেনঃ ১৩টা পদ। #মুঠ পদ ২২৪ টা ।  উক্ত পদসমূহৰ  বাবে আবেদনকাৰীৰ  বয়স ১৮ৰ পৰা ২৭ বছৰ হ’ব লাগিব...

নগাওঁ আৰু কাছাৰ কাগজ কলৰ কেন্দ্ৰীয় চৰকাৰৰ বিনিয়োগ পুঁজি হৰলুকী,কাগজ কল কৰ্মী ইউনিয়ন

Image
#২৭ ছেপ্টেম্বৰ,২০১৯ হিন্দুস্হান কাগজ কলৰ নামত আৱন্তন হোৱা ৪১৪১ কোটি টকা হৰলুকী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি নগাওঁ কাগজ কল কৰ্মী ইউনিয়ন আৰু কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰকাৰ্চা ইউনিয়নে বৃহস্পতিবাৰে জাগীৰোডত এক সংবাদমেল সম্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰে ২০১৪চনৰ পৰা ২০১৮ চনলৈ কাগজ কল দুটাত বিনিয়োগ কৰা  ৪১৪১ কোটি টকাৰ এক বৃহৎ ধনৰাশি কল দুটাত বিনিয়োগ নকৰাৰ কথা সদৰী কৰে । উল্লেখ যে কেন্দ্ৰীয় চৰকাৰে ধন আৱন্তন দিয়াৰ অধিকাংশ সময় কল দুটা বন্ধ হৈ আছিল । কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী অৰবিন্দ সাৱন্তে সদনত কল দুটাত চাৰি বছৰত ৪১৪১ কোটি টকা বিনিয়োগ কৰাৰ কথা সদৰী কৰাৰ পিছতে এই বৃহৎ ধনৰাশি কত কত ব্যয় কৰিলে তাৰ তদন্তৰ দাবী জনাইছে সংগঠন দুটাই । ইতিমধ্যে দৰমহাৰ অভাৱত নগাঁও কাগজ কলৰ ৫৭ জন কৰ্মছাৰীয়ে মৃত্যুক আকোৱালী লোৱাৰ উপৰিও ৩ জনে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিনিয়োগ পুঁজিৰ ৪১৪১ কোটি টকা হৰলুকী কৰাৰ পিছত এচাম অসাধু চক্ৰয় কাগজ কল দুটাক ব্যক্তিগত কৰণ কৰিবলৈ উঠি পৰি লাগিছে বুলি সংগঠন দুটাই মন্তব্য কৰে । সৰ্বানন্দ সোনোৱাল চৰকাৰক এই বৃহৎ পুঁজি কত বিনিয়োগ কৰিলে তাৰ শ্ৰেত পত্ৰ প্ৰকাশ কৰাৰ লগতে ত...

অসম মাধ্যমিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল বাণিজ্য বিষয়

Image
#২৭ ছেপ্টেম্বৰ,২০১৯  অসম মাধ্যমিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমত প্ৰথমবাৰলৈ বাণিজ্য বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। ২০২০ শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলে বাণিজ্য বিষয়ক ঐচ্ছিক বিষয় হিচাপে গ্ৰহণ কৰিব পাৰিব । আনহাতেদি ২০২১ চনত দশম শ্ৰেণী বাণিজ্য বিষয়ক ঐচ্ছিক বিষয় হিচাপে  অন্তৰ্ভুক্ত কৰা হ’ব । আজি মাধ্যমিক শিক্ষা পৰিষদৰ উদ্যোগত গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত হোৱা এক বিশেষ সভাত ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই "An Introduction to Commerce" শীৰ্ষক পাঠ্যপুথি উন্মোচন কৰে । এই পাঠ্যপুথিৰ জৰিয়তে নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক একাউণ্টেন্সী, ইনচুৰেঞ্চ, বেংকিং বিষয়ত আভাস দিয়া হ'ব ৷ উক্ত অনুষ্ঠানত শিক্ষা বিভাগৰ বিষয়া, অসম মাধ্যমিক শিক্ষা পৰিষদৰ বিষয়ববীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকে৷ এই নতুন বিষয়ক লৈ শিক্ষা বিভাগে ৫ দিনীয়া এক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

তিৱা ছাত্র সন্থাৰ উদ্যোগত জাগীৰোডত নবাগত আদৰণি সভা

Image
#২৩ ছেপ্টেম্বৰ,২০১৯ জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে নবাগত আদৰণি সভা অনুষ্ঠিত হয় । জাগীৰোড মহাবিদ্যালয় প্ৰেক্ষাগৃহত ছাত্ৰ সংগঠনটোৱে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নবাগত আদৰণি সভা অনুষ্ঠিত কৰে । নবাগত ছাত্র-ছাত্ৰী সকলৰ মাজত এখন  সুস্থ শৈক্ষিক, মানসিক পৰিৱেশ সৃষ্টি কৰাৰ বাবে জনগোষ্ঠীয় ছাত্র সংগঠনটোৱে লৈছে এই পদক্ষেপ । বিগত কেইবছৰৰ দৰে বৰ্ণিল কাৰ্যসূচীৰে জাগীৰোডত নবাগত আদৰনি সভা অনুষ্ঠিত কৰি আহিছে । ছাত্ৰ সংগঠনটোৰ জাগীৰোড আঞ্চলিক সমিতি আৰু জাগীৰোড মহাবিদ্যালয় গোটে এই নবাগত আদৰণি সভা অনুষ্ঠিত কৰিছে । অনুষ্ঠানটোৰ মুকলি সভাত সদৌ তিৱা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নিবন আমচি , অল ট্ৰাইবেল য়ুথ লীগৰ সভাপতি ৰিমল আমচি , জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ, সদৌ কাৰ্বি ছাত্র সন্থাৰ সভাপতি চেমচং তেৰণ,তিৱা মাথনলাই তখ্ৰাৰ সভাপতি লালচিং মাদাৰ , তিৱা মাথনলাই তখ্ৰাৰ সাধাৰণ সম্পাদক বিদ্যুৎ বিকাশ সেনাপতি , তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তা , তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমনি ডেকাৰজাকে আদি কৰি জনগোষ্ঠীটোৰ কেইবাটাও জাতীয় সংগঠনৰ বিষয় ববীয়া সকল উপস্থিত থাকে ।...