Posts

Showing posts from June, 2019

বিশ্বকাপত আজিৰ ভাৰত বনাম ইংলেণ্ড , নতুন ৰূপত দেখা যাব ভাৰতীয় দলক

Image
#৩০জুন, ২০১৯ আইচিচি ক্ৰিকেট বিশ্বকাপ ২০১৯ৰ  আজিৰ খেলত  ভাৰত  ইংলেণ্ডৰ মুখামুখি হ'ব । ভাৰতীয় সময়মতে  বিয়লি ৩ বজাৰ পৰা ইংলেণ্ডৰ  Edgbaston  ষ্টেডিয়ামত   ভাৰতীয় ক্ৰিকেট দলে ইংলেণ্ডৰ বিৰুদ্ধে  অৱতীৰ্ণ হ'ব । উল্লেখ যে  বিশ্বকাপ ক্ৰিকেটত ভাাাৰতীয় দলটোৱে ১১ পইণ্ট লাভ কৰি  তালিকাৰ  দ্বিতীয়     স্থানত আছে । আজিৰ   খেলখনত   ভাৰতীয় ক্ৰিকেট    দলটোক এক নতুন ৰূপত   দেখিবলৈ   পোৱা যাব ।  ভাৰতীয় দলে আজি বিকল্প জাৰ্চি   পৰিধান কৰি খেলপথাৰত অৱৰ্তীণ  হ'ব ।  ভাৰতীয় দলৰ  বিকল্প জাৰ্চিৰ  সন্মুখভাগ ঘন নীলা ৰঙৰ হোৱাৰ লগতে   জাৰ্চিৰ পিছৰ অংশ গেৰুৱা ৰঙৰ হ'ব । 

শিক্ষা বিভাগত চাকৰি , ১৭,২৯৩ টা পদ খালী

Image
#২৯ জুন,২০১৯ ৰাজ্যৰ নিবনুৱা সকলৰ বাবে এটা ভাল খবৰ । ৰাজ্যৰ শিক্ষা  বিভাগত খালী হৈ থকা মুঠ ১৭,২৯৩ টা শিক্ষক  পদৰ বাবে অহা চেপ্ততেম্বৰ মাহত ৰাজ্য চৰকাৰে  সাধাৰণ টেট পৰীক্ষা অনুষ্ঠিত কৰিব ‌। টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলক  Right to Education Act ৰ অধীনত নিযুক্তি দিয়া হ'ব ।  খালী হৈ থকা মুঠ ১৭,২৯৩ টা শিক্ষক  পদৰে ১০,১৩৭ টা পদ এল.পি.  আৰু ৭,১৫৫ টা পদ উই.পি. ৰ বাবে । উল্লেখ যে ৰাজ্য চৰকাৰে দ্বিতীয় বাৰৰ বাবে  টেট পৰীক্ষা অনুষ্ঠিত কৰিব । ইয়াৰ পূৰ্বে  ২০১২ চনত প্ৰথমবাৰৰ বাবে সাধাৰণ টেট  অনুষ্ঠিত কৰিছিল ।  পৰীক্ষাৰ সময়সূচী সন্দৰ্ভত শিক্ষা বিভাগে অতি সোনকালে জাননী জাৰি কৰিব । 

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

Image
#২৯ জুন ,২০১৯ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ  নদীপথৰ  যাত্ৰা অসম চৰকাৰে   সুচল কৰি তোলাৰ পৰিকল্পনা হাতত লৈছে   । অচিৰে বৰাক উপত্যকাৰ পৰা  বাংলাদেশলৈ  মাজত নদীপথেৰে জাহাজ চলাচল আৰম্ভ  কৰা হ’ব  । এই নতুন পৰিকল্পনাৰ বাবে ইতিমধ্যে বৰাক নদীত খনন কাৰ্য্য  আৰম্ভ কৰা  হৈছে । নদী পথৰ কাম আৰম্ভ কৰিবৰ বাবে  ভাৰত চৰকাৰে বাংলাদেশক  ইতিমধ্যে ২৫০ কোটি টকা  মোকলাই দিছে ।প্রধান মন্ত্রীৰ এক্ট ইষ্ট পলিছিৰ অন্তৰ্গত ‘সম্পৰ্ক যাত্রা’ কাৰ্যসূচীৰে বাংলাদেশ ভ্ৰমণৰ পিছত শুকুৰবাৰে শিলচৰৰ উপায়ুক্তৰ কাৰ্যলয়ত উপস্থিত হৈ পৰিবহন, উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্র মোহন পাটোৱাৰীয়ে  এই কথা সদৰী কৰে ।চুবুৰীয়া ৰাষ্ট্ৰ  সমূহৰ সৈতে ব্যৱসায় বানিজ্য উন্নত কৰাৰ উদ্দেশ্যে বৰাকত কেবাটাও শিল্প প্রতিষ্ঠান গঢ়ি তোলা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ।

লটাৰীত বহুত টকা অহাৰ খবৰ আহিছে নেকি? তেন্তে সাৱধান হওঁক

Image
#২৮ জুন, ২০১৯  লটাৰীত টকা , গাড়ী আদি লোভনীয় বস্তু আপুনি পোৱাৰ খবৰ আহিছে নেকি তেন্তে আপুনি সাৱধান হওঁক এইয়া প্ৰৱঞ্চকৰ জাল । অসম চৰকাৰে এনেধৰণৰ প্ৰৱঞ্চকৰ পৰা হাত  সাৰিবলৈ     "জনতাৰ চৰকাৰৰ"  তৰফৰ পৰা   জনহিতাৰ্ধে  সাৱধানবাণী প্ৰচাৰ কৰিছে । "জনতাৰ চৰকাৰৰ" তৰফৰ পৰা  মবাইলত  লটাৰী জিকাৰ খবৰ আহিলে বিশ্বাসত নলবলৈ আহ্বান জনাইছে ।  তেনেধৰণৰ খবৰত  লটাৰীৰ বাবে বেঙ্ক একাউণ্টৰ তথ্য , টকা ট্ৰেঞ্চফাৰ আদি নকৰিবলৈ আহ্বান জনাইছে । এনেধৰণৰ সন্দেহজনক ফোনকল বা মেছেজ আহিলে ততালিকে ওচৰৰ আৰক্ষী চকীত যোগাযোগ কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে । সাৱধান নহলে মুহূৰ্ততে আপুনিও সৰ্ৱশ্ৰান্ত  হ'ব পাৰে   ।

গড়কাপ্টানীৰ নিৰ্মাণকাৰ্যত বাধ্যতামূলক হ’ব বৃক্ষৰোপণ, ড০ হিমন্ত বিশ্ব শৰ্মা

Image
#২৯ জুন,২০১৯ গড়কাপ্টানী বিভাগৰ পথ  নিৰ্মাণৰ ক্ষেত্ৰত এতিয়াৰে পৰা   বৃক্ষৰোপণ  বাধ্যতামূলক হ’ব । যোৱাকালি ৰাজ্যৰ স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত গড়কাপ্টানী বিভাগৰ এক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে ।   শুকুৰবাৰে  লখিমপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ উদ্যোগত ১,১০০ গৰাকী ছাত্ৰ–ছাত্ৰীৰ দ্বাৰা ১,১০০ ঔষধি বৃক্ষৰোপণ  কৰা হয় । বৃক্ষৰোপন কাৰ্য্যসূচীত  মুখ্য অতিথি হিচাপে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে  । উক্ত অনুষ্ঠানত মন্ত্ৰী   ড০ শৰ্মাই ২০২০ চনৰ ভিতৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰিব বুলি জানিবলৈ দিয়ে। 

নিবনুৱা সকলৰ বাবে এটা ভাল খবৰ , অচিৰে ৰে'লৱেত ওলাব চাকৰি

Image
#২৮ জুন,২০১৯ দেশৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। অচিৰেই ৰে’লৱে সুৰক্ষা বল অৰ্থাৎ আৰ পি এফত খালী হৈ থকা   ৯ হাজাৰ ৰো অধিক পদত  নিযুক্তি দিয়া হ’ব।  শুকুৰবাৰে ৰাজ্যসভাত ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলে প্ৰশ্নকালীন অধিৱেশনৰ  সময়ত  এই কথা  ঘোষণা কৰে । উক্ত পদ সমূহৰ  ৫০ শতাংশ পদ মহিলাৰ বাবে সংৰক্ষিত সংৰক্ষিত কৰা হ'ব ।  বৰ্তমান সময়ত  আৰ পি এফত নিয়োজিত মহিলাৰ সংখ্যা  মাত্ৰ ২.২৫ শতাংশ। ৰে'লৱেত মহিলা কৰ্মচাৰীৰ  সংখ্যা বৃদ্ধি কৰাৰ উদেশ্যৰে  কেন্দ্ৰ চৰকাৰে  এই ব্যৱস্থা হাতত লৈছে বুলিও ৰে'লমন্ত্ৰী পীয়ুষ   গোৱেলে জানিবলৈ দিয়ে । আনহাতেদি  ৰে'লৱে বিভাগত  ৫০ শতাংশ পদ মহিলাৰ বাবে সংৰক্ষিত কৰা এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশত লোৱা হৈছে বুলি উল্লেখ কৰে ।

কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডকলৈ গ্ৰহণ কৰিছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Image
#২৮ জুন, ২০১৯ কেন্দ্ৰীয় চৰকাৰে দেশৰ জনতাৰ বাবে এটা  গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা  নতুন সিদ্ধান্ত অনুসৰি  এতিয়াৰ পৰা দেশজুৰি বলবৎ হ'ব "One Nation-One Card" ব্যৱস্থা  ।   ৰেচন কাৰ্ডৰ লগত নিজৰ আধাৰ কাৰ্ডৰ নম্বৰ সংযোজন কৰি ৰেচন কাৰ্ডৰ  উপভোক্তাই এই প্ৰক্ৰিয়াত  অন্তৰ্ভূক্ত হ'ব পাৰিব । ইয়াৰ দ্বাৰা  ৰেচন কাৰ্ডৰ উপভোক্তা সকলে দেশৰ যিকোনো প্ৰান্তত  নিজৰ কাৰ্ডটোৰ জৰিয়তে নিজৰ ৰেচন লাভ কৰিব পাৰিব । বৃহস্পতিবাৰে দেশৰ খাদ্য সচিব সকলৰ লগত  দিল্লীত অনুষ্ঠিত হোৱা এক  বৈঠকত কেন্দ্ৰীয় খাদ্য মন্ত্ৰী ৰাম বিলাস পাছোৱানে  এই সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ যে কামৰ সন্ধানত  দেশৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱা লোকসকলৰ  বাবে এই প্ৰক্ৰিয়াতো অতিকৈ সুবিধাজনক হব ।              

দিল্লী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিলে স্নাতক মহলাৰ প্ৰথমখন কাট অ'ফ মাৰ্ক তালিকা

Image
#২৮ জুন,২০১৯ দিল্লী বিশ্ববিদ্যালয়ে  স্নাতক মহলাৰ বাবে প্ৰথমখন  কাট অব তালিকা প্ৰকাশ কৰা হৈছে ।  সেই অনুসৰি বিশ্ববিদ্যালয় খনৰ অধীনৰ  হিন্দু কলেজত ৰাজনীতি বিজ্ঞান বিষয়ৰ বাবে   ৯৯ শতাংশ ,  পদাৰ্থ বিজ্ঞানৰ বাবে  ৯৮.৩ শতাংশ কাট অব মাৰ্ক  নিৰ্ধাৰণ কৰা হৈছে  ।  লেডী শ্ৰীৰাম কলেজত মনোবিজ্ঞান বিষয়ৰ বাবে   ৯৮.৭৫ শতাংশ , বাণিজ্য শাখাত সাধাৰণ শ্ৰেণীৰ ছাত্ৰৰ বাবে  ৯৮.৫ শতাংংশ ,  অৰ্থনীতি বিষয়ৰ  বাবে  ৯৮.৭৫ শতাংশ কাট অব মাৰ্ক নিৰ্ধাৰণ কৰা হৈছে । কিৰ’ৰী মল কলেজত ইংৰাজী বিষয়ৰ বাবে  ৯৭ শতাংশৰ ওপৰত ,অৰ্থনীতি আৰু বি কমৰ  বাবে  ৯৭ শতাংশৰ ওপৰত। আনহাতে  হংসৰাজ কলেজত অৰ্থনীতি বিষয়ৰ বাবে  ৯৭.২৫ শতাংশ আৰু   ইংৰাজী বিষয়ৰ বাবে  ৯৮.৫ শতাংশ কাট অব মাৰ্ক নিৰ্ধাৰণ কৰি দিয়া হৈছে ।

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী

Image
#২৭জুন,২০১৯ #টেট পৰীক্ষা দিবলৈ বিচাৰে নেকি ? আপোনাৰ বি এড অথবা ডি এল এড ডিগ্ৰী নাই নেকি ? টেট পৰীক্ষা দিবলৈ নোৱাৰিব নেকি তাকেলৈ চিন্তাত ভুগিছে নেকি ? তেন্তে এতিয়া চিন্তাৰ কাৰণ নাই ।  শিক্ষাবিভাগে  জনোৱা খবৰ অনুসৰি ৰাজ্য চৰকাৰে চলিত বছৰৰ অক্টোবৰ, নবেম্বৰ মাহত টেট পৰীক্ষা অনুষ্ঠিত কৰিব  । টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বি এড অথবা  ডি এল এড ডিগ্ৰী থকাতো বাধ্যতামূলক নেকি?  এই সংক্ৰান্তত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই  টেট পৰীক্ষাত বহিবলৈ বি এড অথবা ‘ডি এল এড ডিগ্ৰী নহয় বুলি জানিবলৈ দিয়ে । এই  সম্পৰ্কত শিক্ষা বিভাগে অতি শীঘ্ৰে জাননী  জাৰি কৰিব ।

#ড৹ অমিয়া পাটৰক "Best female NSS programme Officer" বঁটাৰে সন্মানিত

Image
#২৭ জুন,২০১৯ নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ অমিয়া পাটৰক  "Best female NSS programme Officer" বঁটাৰে সন্মানিত কৰা হয় । যোৱা ২১ জুন ২০১৯ৰ পৰা ২৭ জুন ২০১৯  লৈ  পশ্চিম বংগৰ আসানসোলৰ বানুৱাৰী লাল ভালতীয়া মহাবিদ্যালয়ত  অনুষ্ঠিত হোৱা  NSS ৰ "National Integration Camp" ত "Best female NSS programme Officer Award" লাভ কৰিবলৈ সক্ষম হয় । ড৹ অমিয়া পাটৰৰ নেতৃত্বত যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই "National Integration Camp"ত অংশগ্ৰহণ কৰিছিল । উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলে  বিহু নৃত্য, তিৱা নৃত্য দিহানাম , আধুনিক নৃত্য আদি বিভিন্ন কাৰ্য্যক্ৰমনীকাত অংশগ্ৰহণ কৰিছিল ।  নগাঁও কলেজৰ উজ্জ্বল বৰা আৰু হিমাংশু গায়ন   , নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰিশ্মিতা বৰা আৰু ৰিমা শৰ্মা  , প্ৰাগজ্যোতিষপুৰ  কলেজৰ কংকনা মালাকাৰ আৰু নয়নজ্যোতি দাস ,  গুৱাহাটী কমাৰ্চ কলেজৰ অৰিন্দম ফুকন আৰু ভাৰ্জিনিয়া দাস, দিশপুৰ   কলেজৰ প্ৰতিক পাৰ্মে আৰু চুজাতা আখতাৰে  এই অনুষ্ঠানত   গুৱাহ