টেটৰ আবেদন নাকচ হলে আবেদনকাৰীয়ে ঘুৰাই নাপাবও পাৰে আবেদনমাচুল
#২৭ছেপ্টেম্বৰ,২০১৯ অহা ১০ নবেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব সাধাৰণ টেট পৰীক্ষা । পৰীক্ষা কাষ চাপি অহাৰ লগে লগে এতিয়া চিন্তিত হৈ পৰিছে একাংশ পৰীক্ষাৰ্থী । শেহতীয়াকৈ শিক্ষা বিভাগৰ এখন জাননী আৰু শিক্ষামন্ত্ৰীৰ এটা মন্তব্যই আৰু অধিক চিন্তিত কৰি তুলিছে পৰীক্ষাৰ্থী সকলক । এতিয়া যিকোনো মুহূৰ্ততে নাকচ হ'ব পাৰে একাংশ পৰীক্ষাৰ্থীৰ আবেদন । শিক্ষা বিভাগে টে’ট বাবে বি.এড.আৰু ডি এল এড উত্তীৰ্ণ বা অধ্যয়নৰত হ’ব লাগিব বুলি জাননী জাৰি কৰাৰ পিছত এই পাঠ্যক্ৰমৰ ডিগ্ৰী/ডিপ্ল’মা নথকা সকলে বিভিন্ন প্ৰতিষ্ঠানত নামভৰ্ত্তি কৰি ৰচিদ খন জমা কৰিছিল । পিছে শিক্ষামন্ত্ৰীয়ে শেহতীয়াকৈ ২০১৭ চনৰ পিছত ডি এল এড পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থী সকলৰ D.EL.ED প্ৰমাণপত্ৰ বৈধ নহ’ব বুলি মন্তব্য কৰাৰ পিছত এতিয়া এই সকল পৰীক্ষাৰ্থীক বিপাঙত পেলাইছে । আনহাতেদি নামভৰ্ত্তি ৰচিদ জমা কৰিব নোৱাৰাৰ ফলত আবেদন নাকচ হোৱা পৰীক্ষাৰ্থী সকলৰ আবেদনমাচুল ঘুৰাই দিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি শিক্ষামন্ত্ৰীয়ে মন্তব্য কৰে । অনলাইন আবেদন কৰাৰ সময়ত সম্পূৰ্ণ শুদ্ধ আৰু সত্য তথ্য দি আবেদন কৰা হৈছে বুলি টিক মাৰ্ক মাৰি আবেদন ক