Posts

Showing posts from July, 2019

আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল

Image
#৩১ জুলাই,২০১৯ আজি  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব । পৰীক্ষাৰ্থী সকলে নিজা নিজা পৰীক্ষাকেন্দ্ৰ সমূহৰ লগতে অনলাইন যোগেদি নিজা ফলাফল লাভ কৰিব পাৰিব । ফলাফল সমূহ www.sebaonline.org নামৰ ৱেবচাইটত উপলব্ধ হ'ব । পৰীক্ষাৰ্থী সকলে ফলাফলৰ লগতে আজিয়ে প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বীট লাভ কৰিব । উল্লেখ যে এই বৰ্ষত কম্পাৰ্টমেণ্টেল পৰীক্ষাত ৪২,৩০২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । 

আন্তঃৰাষ্ট্ৰীয় বক্সিংত স্বৰ্ণ পদক অৰ্জন অসম কন্যা যমুনা বড়ো

Image
#২৮ জুলাই,২০১৯ ইণ্ডোনেছিয়াত অনুষ্ঠিত  ২৩ সংখ্যক প্ৰেছিডেণ্টছ কাপত অসম কন্যা যমুনা বড়োৱে স্বৰ্ণ পদক অৰ্জন কৰি  দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতা খনত  অসমৰ যমুনা বড়োৱে ৫৪ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰি স্বৰ্ণ পদ অৰ্জন কৰিবলৈ সক্ষম হয় । দেওবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত প্ৰতিযোগিতা খনত যমুনা বড়োৱে ইটালীৰ জিউলিয়া লামাগনাক ৫.০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ।  উল্লেখ যে যমুনা বড়োৱে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা ইণ্ডিয়া  অ’পেনত স্বৰ্ণ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল । যমুনা বড়োৰ আন্তঃৰাষ্ট্ৰীয় বক্সিংত সফলতাত  সমগ্ৰ দেশে গৌৰৱ কৰিছে ।  

আন্তঃৰাষ্ট্ৰীয় বক্সিংত স্বৰ্ণ পদক অৰ্জন অসম কন্যা যমুনা বড়োৰ

Image
#২৮ জুলাই,২০১৯ ইণ্ডোনেছিয়াত অনুষ্ঠিত  ২৩ সংখ্যক প্ৰেছিডেণ্টছ কাপত অসম কন্যা যমুনা বড়োৱে স্বৰ্ণ পদক অৰ্জন কৰি  দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতা খনত  অসমৰ যমুনা বড়োৱে ৫৪ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰি স্বৰ্ণ পদ অৰ্জন কৰিবলৈ সক্ষম হয় । দেওবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত প্ৰতিযোগিতা খনত যমুনা বড়োৱে ইটালীৰ জিউলিয়া লামাগনাক ৫.০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ।  উল্লেখ যে যমুনা বড়োৱে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা ইণ্ডিয়া  অ’পেনত স্বৰ্ণ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল । যমুনা বড়োৰ আন্তঃৰাষ্ট্ৰীয় বক্সিংত সফলতাত  সমগ্ৰ দেশে গৌৰৱ কৰিছে ।  

সাহিত্য একাডেমিত পদ খালী ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে

Image
#২৫জুলাই,২০১৯                ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ এটা স্বায়ত্ব  সংস্থা সাহিত্য একাডেমিত খালী হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ পদত  নিযুক্তি দিবৰ বাবে সাহিত্য একাডেমিয়ে বিজ্ঞাপন জাৰি কৰিছে । ইচ্ছুক প্ৰাৰ্থী সকলৰ পৰা  এই খালী হৈ থকা পদ সমূহৰ বাবে  আবেদন বিচৰা হৈছে ।  খালী হৈ থকা পদ সমূহ হৈছে উপ সচিব (বিক্ৰয়) (১টা), বিশেষ কৰ্তব্যৰত বিষয়া (কাৰ্য্যসূচী) (  ১টা ), সহকাৰী সম্পাদক (৩টা), জ্যেষ্ঠ একাউণ্টেণ্ট (২টা), কাৰিকৰী সহায়ক (১ টা) । উপ সচিব আৰু বিশেষ কৰ্তব্যৰত বিষয়া (কাৰ্য্যসূচী) পদতো এছ.চি  প্ৰাৰ্থীৰ বাবে সংৰক্ষিত । সহকাৰী সম্পাদক  শাখাত খালী থকা ২টা পদ  অ'বিচি আৰু এটা পদ এছ.টি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত । জ্যেষ্ঠ একাউণ্টেণ্ট শাখাৰ এটা পদ শ্ৰৱন অক্ষম সকলৰ বাবে সংৰক্ষিত আৰু এটা পদ ডেপুটেশ্বনত সংৰক্ষিত । কাৰিকৰী সহায়ক পদতো   অ'বিচি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ।  অধিক সহায়ৰ বাবে http://www.sahityaakademi.gov.com ত যোগাযোগ কৰিব পাৰিব

ডাক বিভাগৰ ফ্ৰেন্সাইজী খুলি মুকলি কৰক উপাৰ্জনৰ পথ

Image
#২৪ জুলাই,২০১৯         দেশত পষ্ট  অফিচৰ ডিমাণ্ড পুনৰ  বৃদ্ধি পাবলৈ ধৰাত ৰাইজৰ সুবিধাৰ্থে ভাৰতীয় ডাক বিভাগে ফ্ৰেন্সাইজী ব্যৱস্থা মুকলি কৰি দিছে । এতিয়া আপুনি ৫০০০ টকাৰ নূন্যতম ধনৰাশী জমা কৰি ডাক বিভাগৰ ফ্ৰেন্সাইজী খুলি উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে ।           ফ্ৰেন্সাইজীৰ জৰিয়তে আপুনি  গ্ৰাহকক  ষ্টাম্প, ষ্টেচনাৰী, স্পীড পষ্টৰ সামগ্ৰী, মনী অৰ্ডাৰ বুকিং আদি সুবিধা  কৰি দিব পাৰিব ।  এইসমূহ সুবিধাৰ বিনিময়ত আপুনি  এক নিৰ্ধাৰিত কমিচনৰ সৈতে  নিয়মীয়া উপাৰ্জনৰ উৎস হৈ পৰিব । অষ্টম শ্ৰেণী উত্তীৰ্ণ সকলেও ফ্ৰেন্সাইজীৰ বাবে আবেদন কৰিব পাৰিব ।   যিকোনো ব্যক্তি, ইনষ্টিটিউশ্যন, অৰ্গেনাইজেশ্যন ,  শ্বপ, পাণ দোকানী, গেলামালৰ দোকানী, ষ্টেচনাৰী দোকান, ক্ষুদ্ৰ ব্যৱসায়ীয়ে ডাক বিভাগৰ  ফ্ৰেন্সাইজী গ্ৰহণ কৰিব পাৰে।  ফ্ৰেন্সাইজীৰ বাবে আবেদন কৰা  ব্যক্তিৰ বয়স অতি কমেও ১৮ বছৰ হ’ব লাগিব ।  ফ্ৰেন্সাইজীৰ বাবে  আৱেদন কৰাৰ  ১৪দিন পিছত  ASP/SDIৰ প্ৰতিবেদনৰ ভিত্তিত  ফ্ৰেন্সাইজী প্ৰদান কৰা হয় ।  ফ্ৰেন্সাইজীৰ কাৰণে নিৰ্বাচন কৰা সকলক  ডাক বিভাগৰ তৰফৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব । ডাক বিভাগৰ ফ্ৰেন্সাইজী সে

'Assam Through Your Lens'ৰ ফলাফল ঘোষণা

Image
#২৪জুলাই,২০১৯                 'জনতাৰ চৰকাৰ মাই গভ্ অসম'ৰ উদ্যোগত আয়োজন কৰা  'Assam Through Your Lens' শীৰ্ষক চুটি ছবি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে ।   'Assam Through Your Lens' শীৰ্ষক চুটি ছবি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছবিখন হৈছে জৰ্ডান গিৱানৰ "Assam Our Pride in her Glory" আৰু দ্বিতীয় শ্ৰেষ্ঠ ছবিখন হৈছে  প্ৰণৱ কুমাৰ কলিতাৰ "মিলন সেতু" । 

নেৰিটচত ৩৮৬৫০ টা পদ খালী

Image
#২৪ জুলাই,২০১৯ অসম চৰকা্ৰৰ শিক্ষা বিভাগৰ অনুমতিপ্ৰাপ্ত (বৃত্তি পৰিক্ষাৰ বাবে) নেৰিটচত খালী হৈ থকা মুঠ ৩৮৬৫০ টা কেন্দ্ৰ সহায়ক পদৰ বাবে অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দশম / উচ্চতৰ মাধ্যমিক/ স্নাতক হোৱাটো বাঞ্চনীয় । নিযুক্ত লাভ কৰা প্ৰাৰ্থী সকলক কেন্দ্ৰটোত হোৱা ছাত্ৰ-ছাত্ৰীৰ পৰিমানৰ (প্ৰতিটো শ্ৰেণীৰ অতিকমেও ২০ টা) ওপৰত ভিত্তি কৰি ও চুক্তি অনুযায়ী মাহে ৬০০০ টকাৰ পৰা ২২,০০০ টকালৈ মাননী দিয়া হ'ব । নতুবা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এটি উচ্চ পৰ্যায়ৰ কমিছন দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থী সকলে অহা ২৫ আগষ্ট, ২০১৯ তাৰিখৰ ভিতৰত ডাক যোগে STANDARD FORM নতুবা Bio-Data তলত উল্লেখ কৰা ঠিকনাত জমা দিব লাগিব । ঠিকনা------- TO, THE SECRETARY / MANAGING DIRECTOR EMPLOYMENT RECRUITMENT TRUST BOARD, PRIMARY LEVEL NORTH EAST REGIONAL INSTITUTE FOR TALENT SEARCH. Adminstrative office : Back Side Bornamghar, Ward No,. 1, P.O. Dhekiajuli Dist. Sonitpur (Assam), Pin 784110 অধিক সহায়ৰ বাবে তলত উল

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০১৯ খচৰা সন্দৰ্ভত তিৱা মাথনলাই তখ্ৰাৰ উদ্যোগত আলোচনাঃ

Image
#২৩জুলাই,২০১৯ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০১৯ খচৰা সন্দৰ্ভত যোৱা দেওবাৰে মৰিগাঁও মহাবিদ্যালয়ত তিৱা মাথনলাই তখ্ৰাৰ উদ্যোগত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। তখ্ৰাৰ সভাপতি লালচিং মাদাৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা আলোচনাচক্ৰ খনত উপস্থিত থাকে তিৱা মাথনলাই তখ্ৰাৰ পূৰ্বৰ সভাপতি তুলসী বৰদলৈ, সাহিত্যিক মিলেশ্বৰ পাটৰ, তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিমল আমচি,বিশিষ্ট সাহিত্যিক ভাস্কৰ বৰদলৈ , নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ অমিয়া পাটৰ , তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মছৰং,সদৌ তিৱা ছাত্র সন্থাৰ সভাপতি দিপেন মছৰং, লগতে তখ্ৰাৰ বিষয়ববীয়াসকল। উক্ত আলোচনাত শিক্ষা নীতি খনত জনগোষ্ঠী সমূহৰ ভাষাৰ উত্তৰনৰ বাবে বলিষ্ঠ নীতি নাই বুলি প্ৰকাশ পায়। খচৰাখনত শিক্ষা ব্যৱস্থাত স্থানীয় ভাষা, মাতৃভাষা, জনজাতীয় ভাষাক গুৰুত্ব দিয়া হব বুলি উল্লেখ আছে যদিও তৃভাষীক ভাষা নীতিয়ে জনগোষ্ঠীয় ভাষাক সামৰি লব নোৱাৰিব বুলি মত ব্যক্ত কৰে। সেয়েহে তখ্ৰাই চতুৰ্থ শিক্ষা নীতিৰ বাবে পূৰ্বৰ পৰাই দাবী তুলি আহিছে।

75% চাকৰি খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ সিদ্ধান্ত

Image
#২৩জুলাই,২০১৯ #অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৰাজ্যখনৰ নিবনুৱা সকলক সংস্থাপনৰ উদেশ্যৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । এতিয়াৰে পৰা ৰাজ্য খনত চৰকাৰী-বেচৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত 75% পদ খিলঞ্জীয়াসকলৰ বাবে সংৰক্ষণ কৰা হ'ব । সোমবাৰে অন্ধ্ৰপ্ৰদেশ বিধানসভাত এই সন্দৰ্ভত এখন বিধেয়ক গৃহীত কৰা হয়। অন্ধ্ৰপ্ৰদেশ employment of local candidates in industries / factory act,2019 নামৰ আইনেৰে ৰাজ্যখনৰ খিলঞ্জীয়াক নিযুক্তি দিয়াৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰা হৈছে ।অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগমোহন ৰেড্ডীৰ এই সিদ্ধান্তক ৰাজ্যবাসীয়ে আদৰণি জনাইছে ।

৩১ জুলাইত নহয় ৩১ আগষ্টত প্ৰকাশ কৰিব লাগিব নাগৰিক পঞ্জী

Image
#২৩ জুলাই২০১৯ উচ্চতম ন্যায়ালয়ে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে । উচ্চতম ন্যায়ালয়ে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ দিন নতুনকৈ ধাৰ্য্য কৰি দিছে ।চলিত বৰ্ষৰ ৩১ আগষ্টত নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব লাগিব । উল্লেখ যে ইয়াৰ পূৰ্বতে উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ নিৰ্দেশ দিছিল যদিও সময়সীমা বৃদ্ধিৰ বাবে চৰকাৰে আবেদন জনাইছিল । সেই আবেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ চূড়ান্ত তালিকাৰ প্ৰকাশৰ সময়সীমা এক মাহলৈ বৃদ্ধি কৰে ।

ঠিকাভিত্তিক টেট শিক্ষক সকলৰ বাবে এটা সুখবৰ

Image
#২৩ জুলাই,২০১৯ ৰাজ্যৰ ঠিকাভিত্তিক টেট শিক্ষক সকলৰ বাবে এটা সুখবৰ । ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে শিক্ষা বিভাগে এক নতুন নিৰ্দেশনা জাৰি কৰিছে । শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ঠিকাভিত্তীক টেট শিক্ষক সকলে নতুনকৈ টেট পৰীক্ষাত অৱৰ্তীন হব নালাগে । ঠিকাভিত্তীক শিক্ষকসকলে নিয়মীয়া পদৰ বাবে আবেদন কৰিব পাৰিব ।

কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ চৰন নাৰ্জাৰী আৰু নাই

Image
#২৩জুলাই,২০১৯ কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ চৰন নাৰ্জাৰী আৰু নাই । মঙলবাৰে পুৱা ৪.৩০ বজাত মহানগৰীৰ ডাউন টাউন হাস্পতালত প্ৰাক্তন সাংসদ গৰাকীৰ দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ। উল্লেখ যে প্ৰাক্তন সাংসদ গৰাকী বহুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল ।প্ৰয়াত চৰন নাৰ্জাৰী কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা আছিল । সাহিত্য ক্ষেত্ৰত তেখেতৰ বিশেষ দখল আছিল । তেখেতৰ সৃষ্টি ৰাজি সমূহ ‘চকুলো’, ‘দ্য বড়ো’, ‘আলাৰী’, ‘জনজাতি’ ইত্যাদি ।

২৪ জুলাইত অসম চুক্তিৰ ছয় নং দফাৰ কাৰ্যকৰী কমিটীৰ প্ৰথমখন বৈঠক

Image
#২৩ জুলাই,২০১৯ ২৪ জুলাইত অসম চুক্তিৰ দফা ৬ কাৰ্যকৰী কমিটীৰ প্ৰথমখন বৈঠক নতুন দিল্লীৰ  নৰ্থ ব্লকত অনুষ্ঠিত হ’ব  । ১৫ জুলাইত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসম  চুক্তিৰ ছয় নং দফা ৰূপায়ণ কৰিবৰ বাবে   গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এখন ১৩ জনীয়া কমিটী গঠন কৰি দিছিল। উল্লেখ যে এই  কমিটীত চুক্তি স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থা আৰু চুক্তি ৰূপায়ণৰ নডেল এজেন্সী কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ প্ৰতিনিধি অন্তৰ্ভুক্ত আছে।

Kurluwane 29 tha poshór, Trói Tiwa Thiri-hari Chomot (ATWA).

Image
#23 July,2019 Trói Tiwa Thiri-hari chomôte 29tha rape cholômane tin khûmur go manewa hóngga Morigaon, Gandhi Bhawano. ATWA cholômane tine phánalo Tiwa chate Kanthi-churi, mat pol arô chate shinak go akparê lángane pharîgo yá lang phido. 1990 poshóre 22 July tino Nagaon Tribal Rest Houso ATWA cholômdom. Cholôma tin-go manewane pharî chidi pidî phrunge 9tha phoro ATWAne thandigo tidom Msjo. Junali Mithi, Chomôt kirî, ATWA. 10tha phoro Phidri konson láwa pharîgo yá langdom Msjo. Gouri Amsí, Kejam chomot kirî ATWA. ATWAne Cholôma tin-go manêwane shumuw 11tha phoro kishá mel pharlanggo háje osa hóngdom. Pe pharlang melo ATWAne siwantha chomot kiri Msjo. Biphula Patar, Tiwa Autonomous Councile CEM Msa. Paban Manta, Trói Tiwa Sígaisa Chomôt chomôt (ATSU)ne sîwantha shalonkiri arô Assam sokare Director of Finance Msa. Hemanta Kr. Dewri, ATSU ne Chomôt kirî Msa. Dipen Mosrong, All Assam Tribal Youth League Chomot kirî Msa. Rimal Amsí, TMT ne shalonkiri Msa. Bidyutbikash Senapa

সংগ্ৰামৰ ২৯ টা বছৰ, আজি সদৌ তিৱা মহিলা সন্থাৰ প্ৰতিষ্ঠা দিৱস

Image
#২২ জুলাই,২০১৯ আজি সদৌ তিৱা মহিলা সন্থাৰ ২৯ তম প্ৰতিষ্ঠা দিৱস  , মৰিগাঁওৰ গান্ধী ভৱনত উলহ মালহেৰে  পালন কৰে সংগঠনটোৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি । তিৱা জাতিৰ স্বাভিমানৰ সংগ্ৰাম খনত নিজৰ জাতিটোক , ভাষা সংস্কৃতিক প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম খনত তিৱা মহিলা সকলেও অগ্ৰণী ভূমিকা গ্ৰহণ কৰে । ১৯৯০ চনত  সদৌ তিৱা মহিলা সন্থাৰ  (ATWA) গঠন হয় আৰু তাৰ পিছৰ পৰাই আজি প্ৰজন্ত  সুদীৰ্ঘ ২৯ বছৰে তিৱা জাতীয় সংগ্ৰাম খনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে । স্বাধীকাৰৰ সংগ্ৰাম খনত সদৌ তিৱা মহিলা সন্থাই (ATWA) এক বিশেষ ভূমিকা পালন কৰি আহিছে । কাৰ্য্যসূচী মৰ্মে পুৱা ৯বজাত   সদৌ তিৱা মহিলা সন্থাৰ সভানেত্ৰী মুংছাজ জোনালী মিঠিয়ে পতাকা উত্তোলন কৰে, পুৱা দহ বজাত বন্তি প্ৰজ্বলন কৰে সদৌ তিৱা মহিলা সন্থাৰ প্ৰাক্তন সভানেত্ৰী  মুংছাজ গৌৰী আমচি মান্তাই  আৰু স্মৃতি তৰ্পন কৰে সম্পাদিকা মুংছাজ টুটুমনি ডেকাৰজায়ে । সদৌ তিৱা মহিলা সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দিনৰ ১১বজাত  এখনি বিশেষ আলোচনা সভা অনুষ্ঠিত কৰা হয় । উক্ত সভা খনত উপস্থিত থাকে সদৌ তিৱা মহিলা সন্থাৰ (ATWA)  প্ৰতিস্থাপক সভানেত্ৰী মুংছাজ বিফলা পাটৰ ডাৰফাং , ত

পশ্চিম কাৰ্বি আংলঙৰ খাউৰা গাঁৱত আজিৰে পৰা আৰম্ভ হৈছে ৱানছ্যুৱা মিছাৱা খাম

Image
                                                                                                                                                              #২২ জুলাই,২০১৯  #পশ্চিম কাৰ্বি আংলং জিলাৰ খাউৰা গাঁৱত  আজিৰে পৰা চাৰি দিনিয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৱানছ্যুৱা মিছাৱা  খাম অনুষ্ঠিত হৈছে ।  খাউৰা গাঁৱৰ  আমখাৱালী ফৈদৰ ৰাইজে  প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে পৰম্পৰাগত ভাৱে ৱানছ্যুৱা মিছাৱা  খাম অনুষ্ঠিত কৰি আহিছে ।  আজি পুৱাৰ ভাগত খাউৰা গাঁৱৰ  ৰাইজে  গাঁৱৰ চামাদিত পৰম্পৰাগত ৰীতি-নীতিৰে গুৰু ছটঙা ৰাজা , মালদেউ ৰাজা আৰু লামফা ৰাজাক সোঁৱৰি  পূজা অৰ্চনা কৰি ৱানছ্যুৱা মিছাৱা  খামৰ শুভাৰম্ভণী কৰে । মূলতঃ কৃষিজীৱী তিৱা ৰাইজে সমাজৰ পৰা অপায় অমংগল দূৰ কৰি সমাজৰ কল্যাণ সাধন কৰিবৰ বাবে  নিজৰ ইষ্ট দেৱতাক পূজা অৰ্চনা কৰে । এনে কৰিলে খেতি বাতি ভাল হয় বুলি  তিৱা সকলে  বিশ্বাস কৰে ।

২২ জুলাইত প্ৰক্ষেপন কৰা হ'ব চন্দ্ৰযান-২

Image
#১৮ জুলাই,২০১৯ ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাই "চন্দ্ৰযান - ২" প্ৰক্ষেপনৰ নতুন তাৰিখ ঘোষণা কৰিছে ।                                  ২২ জুলাইৰ দিনৰ ২ বাজি ৪৩ মিনিটত "চন্দ্ৰযান - ২" চন্দ্ৰলৈ বুলি প্ৰক্ষেপ কৰা হ'ব  । ইতিমধ্যে চন্দ্ৰযান - ২ যান্ত্ৰিক বিজুতিৰ বাবে ১৫ জুলাইত প্ৰক্ষেপনৰ কিছু মুহূৰ্তৰ পূৰ্বে  যাত্ৰা বাতিল কৰা হৈছিল । উল্লেখ যে  ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাই  এইবাৰলৈ তৃতীয় বাৰ  "চন্দ্ৰযান - ২" ৰ প্ৰক্ষেপনৰ দিন সলনি কৰিছে ।

আজি ভাগ্য নিৰ্ণয় হ'ব কুলভূষণ যাদৱৰ

Image
#১৭ জুলাই, ২০১৯            আজি প্ৰাক্তন ভাৰতীয় নৌ সেনা বিষয়া  কুলভূষণ যাদৱৰ ভাগ্য আন্তঃৰাষ্ট্ৰীয় নিৰ্ণয় হ'ব । আজি সন্ধিয়া ৬.৩০ বজাত নেডাৰলেণ্ডৰ হেগ স্থিত আন্তঃৰাষ্ট্ৰীয় আদালতে কুলভূষণ যাদৱৰ গোচৰৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিব ।       উল্লেখ যে পাকিস্তানত বন্দী হৈ থকা ভাৰতীয় নৌসেনা বিষয়া কুলভূষণ যাদৱৰ গোচৰ যোৱা দুবছৰ ধৰি আন্তৰ্জাতিক আদালতত চলি আছে । 

আজিৰে পৰা মাজুলী আৰু নিমাতীঘাটৰ মাজত চলিব ফেৰী সেৱা

Image
#১৭ জুলাই,২০১৯ আজিৰে পৰা  মাজুলী আৰু নিমাতীঘাটৰ মাজত পুনৰ  ফেৰী সেৱা আৰম্ভ হ'ব  ।  মাজুলীৰ আৰু নিমাতীঘাটৰ মাজত আজিৰে পৰা দিনত  এখকৈ  ফেৰি চলাচল কৰা হ'ব  ।                                 পুৱা ৯ বজাত ফেৰীখন মাজুলীৰ পৰা নিমাতীঘাটলৈ যাব আৰু পুনৰ আবেলি   ৩ বজাত নিমাতীঘাটৰ পৰা পুনৰ ফেৰীখন  মাজুলীলৈ ঘুৰি যাব । ফেৰীখনত  কেৱল যাত্ৰীহে কঢ়িয়াই নিয়া হ’ব । উল্লেখ যে বানপানীৰ বাবে মাজুলীৰ ফেৰী সেৱা সাময়িক ভাৱে বন্ধ কৰি থোৱা হৈছিল । 

ভাৰতলৈ আকাশীপথ মুকলি কৰি দিলে পাকিস্তানে

Image
#১৬জুলাই,২০১৯ ভাৰতক  এটা  ভাল খৱৰ শুনালে পাকিস্তানে। ভাৰতৰ বাবে  বন্ধ কৰি থোৱা  আকাশীপথ মুকলি কৰি দিয়াৰ সিদ্ধান্ত পাকিস্তান চৰকাৰে গ্ৰহণ কৰিছে ।  বালাকোট আক্ৰমনৰ পাছত বন্ধ থকা আকাশীপথ  অৱশেষত পাকিস্তানে খুলি দিয়ে  ।                 মঙ্গলবাৰে পাকিস্তানৰ অসামৰিক বিমান  দপ্তৰৰ তৰফৰ পৰা ভাৰতক এই কথা জানিবলৈ দিয়ে । পাকিস্তানৰ অসামৰিক বিমান দপ্তৰে  এক বিবৃত্তি প্ৰকাশ কৰি কয়  যে এই মূহুত্তৰ পৰাই ভাৰতৰ অসামৰিক বিমানৰ বাবে দেশৰ আকাশীপথ  খুলি দিয়া হৈছে। উল্লেখ যে বালাকোট আক্ৰমনৰ পাছত ভাৰতৰ অসামৰিক বিমান সেৱাৰ বাবে  পাকিস্তানে  আকাশীপথ বন্ধ কৰি থৈছিল  ।

বানপীড়িত সকলক সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ ৰাষ্ট্ৰসংঘৰ

Image
#১৬ জুলাই,২০১৯ ৰাজ্যত বন-গৰাখহনীয়াই ভয়াবহ ৰূপ লোৱাৰ সময়তে ৰাষ্ট্ৰসংঘই এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে । ৰাষ্ট্ৰসংঘৰ  সচিব প্ৰধান এন্টনিঅ গোটেৰে বানপীড়িত  লোকসকলক  সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ।                                   ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গৰাকীয়ে  এনে দুৰ্যোগৰ সময়ত পীড়িতসকলৰ কাষত থিয় দিবলৈ বিশ্বৰ অন্যান্য দেশ সমূহক আহ্বান জনাইছে  । সোমবাৰে ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ফাৰহান হকে সংবাদমাধ্যমক এই কথা জানিবলৈ দিয়ে। 

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ২০১৯-২০বৰ্ষৰ পুঁজি মুকলি

Image
#১৬ জুলাই,২০১৯ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ২০১৯-২০বৰ্ষৰ পুঁজিৰ ধন  ২৫১.৫৫লাখ টকা মুকলি কৰি দিছে  । ৰাজ্য খনৰ চাৰিওফালে  বান-গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছতে যোৱাকালি কেন্দ্ৰীয় চৰকাৰে তৎকালীন ভাবে ২৫১.৫৫ লাখ টকাৰ কেন্দ্ৰীয় পুঁজি মুকলি কৰি দিয়ে ।  চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনৰ ৩০ জিলা বৰ্তমান বানৰ কৱলত আছে । ৰাজ্যৰ ৩০খন জিলাৰ ১১৩ টা ৰাজহ চক্ৰৰ ১,৫০,২১,৩৬০ হেক্টৰ  কৃষিভূমি বানত বুৰ গৈ আছে । আনহাতে ১৮৩ টা আশ্ৰয় শিবিৰত মুঠ ৪২,৮৬,৪২১ জন বানক্ৰান্তই আশ্ৰয় লৈ আছে । 

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলাচলত নিষেধাজ্ঞা প্ৰশাসনৰ

Image
#১৫ জুলাই ,২০১৯  ৰাজ্যত অব্যাহত আছে  ভয়াৱহ বান । ভয়াবহ বানপানীৰ বাবে  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলাচলত প্ৰশাসনে  নিষেধাজ্ঞা আৰোপ কৰিছে  । বানপানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুৰাই নিয়াৰ ফলত তাত থকা জীৱ-জন্তু বোৰ ওখ স্থানত আশ্ৰয় লৈছে ।  ৰাষ্ট্ৰীয় উদ্যান খনৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বুৰি যোৱাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে । বানৰ কৱলত পৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই অহাৰ ফলত  কেইবাটাও জীৱ-জন্তু যান-বাহনৰ সন্মুখত পৰি মৃত্যুক আকোঁৱালি লবলগীয়া হৈছে ।  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে ।  গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে যোৱা যান-বাহন সমূহ জখলাবন্ধালৈকে যাবলৈ দিয়া হৈছে । আনহাতে যোৰহাটৰ পৰা অহা যান-বাহন সমূহ বুকাখাতলৈকে আহিবলৈ দিয়া হৈছে । প্ৰশাসনে পৰৱৰ্তী জননী জাৰি নকৰা পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যান-বাহন চলাচল বন্ধ থাকিব । 

কলিয়াবৰ মহকুমা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি , উৰাবাতৰিক প্ৰশ্ৰয় নিদিবলৈ আহ্বান

Image
#১৫ জুলাই,২০১৯ ৰাজ্যৰ চাৰিওফালে বন গৰাখহনীয়াই আতংকিত কৰি ৰখাৰ সময়তে কলিয়াবৰ মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে । হাতিমুৰা মাথাউৰিৰ সুৰক্ষাৰ স্বাৰ্থত কলিয়াবৰ মহকুমা প্ৰশাসনে তৎকালীন ভাবে বলবৎ হোৱাকৈ ফৌজাদাৰী কাৰ্য্যবিধি আইনৰ  ১৪৪  ধাৰাৰ অধিনত নিষেধাজ্ঞা জাৰি কৰিছে । হাতিমুৰা মাথাউৰিত বিভাগীয় বিষয়া কৰ্মচাৰী বাহিৰে অন্য লোকক প্ৰৱেশ কৰাটো নিষিদ্ধ ঘোষণা কৰিছে । আনহাতে হাতিমুৰা মাথাউৰি সম্পৰ্কীয় কোনোধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ কলিয়াবৰ মহকুমা প্ৰশাসনে আহ্বান জনাইছে । বানপিড়িত ৰাইজক আতংকিত নহৈ সাৱধান আৰু সতৰ্ক হবলৈ আহ্বান জনাইছে । 

অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ তাৰিখ বাতিল

Image
#১৫ জুলাই,২০১৯ ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে  অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ তাৰিখ বাতিল কৰা হৈছে ।  বিশ্ববিদ্যালয় খনত ২০১৯ বৰ্ষৰ পাঠ্যক্ৰমৰ বাবে   অহা মঙলবাৰ  ১৬ জুলাই পৰা নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা আছিল যদিও ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া  অহা  ২২ জুলাইলৈ পিছুৱাই দিয়া হৈছে ।  বিশ্ববিদ্যালয়ৰ খনৰ জনসম্পৰ্কৰক্ষী বিষয়া ড° ৰঞ্জিত কুমাৰ সাউদে সংবাদমধ্যমক এই কথা জানিবলৈ দিয়ে ।

কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তি স্থগিত

Image
#১৫ জুলাই,২০১৯ ৰাজ্যৰ ভয়াবহ বানৰ বাবে কটন বিশ্ববিদ্যালয়ৰ  স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তি সাময়িক ভাৱে স্থগিত ৰখোৱা হৈছে ।   ৰাজ্যত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ  কৰাৰ বাবে কটন বিশ্ববিদ্যালয় প্ৰশাসনে  কাইলৈ স্নাতকোত্তৰৰ  বিজ্ঞান আৰু কলা শাখাৰ নামভৰ্তি সাময়িক ভাবে স্থগিত ৰখোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই  এক বিবৃতি প্ৰকাশ কৰিছে    । পৰৱৰ্তী  সময়ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই  নামভৰ্তিৰ  নতুন দিন ঘোষণা কৰিব ।

সংসদ ভৱনৰ সমুখত অসমৰ সাংসদৰ প্ৰতিবাদ

Image
#১৫ জুলাই ,২০১৯  সমগ্ৰ ৰাজ্যত  বানে আৰু গৰাখহনীয়াই ত্ৰাস  সৃষ্টি কৰাৰ সময়তে দিল্লীৰ সংসদ ভৱনৰ সমুখত অসমৰ কেইবাজনো সাংসদে  প্ৰতিবাদ সাব্যস্ত কৰে   ।  অসমৰ  বান আৰু গৰাখহনীয়াক  ৰাষ্ট্ৰীয় সমস্য হিচাপে ঘোষণা কৰক, অসমৰ বানাক্ৰান্ত ৰাইজক উচিত সাহাৰ্য্য প্ৰদান কৰক আদি  বিভিন্ন শ্লোগান লিখিত প্লে কাৰ্ড হাতে হাতে লৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ।  ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা, ৰাজ্যসভাৰ সাংসদ ৰানী নৰহ , নগাঁও লোকসভা সমষ্টিৰ  সাংসদ প্ৰদ্যুত বৰদলৈ,  বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । প্ৰতিবাদকৰী সাংসদ সকলে  কেন্দ্ৰ আৰু ৰাজ্য  চৰকাৰক অসমৰ বান সমস্যাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি বান আৰু গৰাখহনীয়া ৰোধ কৰিবলৈ  পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বান আৰু গৰাখহনীয়া সমস্যাকলৈ  কেইবাটাও দাবীৰে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদকৰী সাংসদ সকলে  সংসদ ভৱনৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে । 

কাৰিকৰী বিজুঁতিৰ বাবে স্থগিত ৰখা হ'ল 'চন্দ্ৰযান-২'ৰ উৎক্ষেপণ

Image
#১৫ জুলাই,২০১৯ ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ 'ইছৰো'ৰ বহু প্ৰত্যাখ্যিত   'চন্দ্ৰযান-২'ৰ উৎক্ষেপণ স্থগিত ৰখা হয় । কাৰিকৰী বিজুঁতিৰ বাবে উৎক্ষেপণৰ কেই মুহূৰ্ত মানৰ পূৰ্বে 'ইছৰোৱে' স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 'চন্দ্ৰযান-২' ত ইন্ধন ভৰ্তি কৰি থকাৰ সময়ত কাৰিকৰী বিজুঁতি ধৰা পৰাত  উৎক্ষেপণৰ ৫৬ মিনিট ২৪ চেকেণ্ড পূৰ্বে 'চন্দ্ৰযান-২'ৰ উৎক্ষেপণ স্থগিত ৰখা হয়।

ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেলত নিউজিলেণ্ড বনাম ইংলেণ্ড

Image
#১৪ জুলাই,২০১৯ আজি  অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট, ২০১৯ৰ চূড়ান্ত খেল খন ।  ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেলখনত নিউজিলেণ্ডৰ বিৰুদ্ধে আয়োজক  ইংলেণ্ড মুখামুখি হ'ব । ভাৰতীয় সময় অনুসৰি আবেলি ৩ বজাৰ পৰা ইংলেণ্ডৰ ল'ড ক্ৰিকেট গ্ৰাউণ্ডত বিশ্বকাপ ক্ৰিকেটৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব । আজি অনুষ্ঠিত হ'ব লগীয়া ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেলখন উপভোগ কৰিবলৈ সমগ্ৰ বিশ্বৰ ক্ৰিকেট প্ৰেমি সকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে । 

টে’ট পৰীক্ষাক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ত গোচৰ

Image
#১৪জুলাই ,২০১৯ টে’ট পৰীক্ষাক প্ৰত্যাহ্বান জনায় ১৫৫ জন ঠিকাভিত্তীক টে'ট শিক্ষকে  উচ্চতম ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰে ।ৰাজ্যৰ শিক্ষা বিভাগে সাত বছৰৰ মূৰত  নতুনকৈ টে’ট অনুষ্ঠিত কৰাৰ কথা ঘোষণা  কৰাৰ পিছতে আজিলৈকে স্থায়ীভাৱে নিযুক্তি লাভ নকৰা ঠিকাভিত্তীক টে'ট শিক্ষক সকল  শংকিত হৈ পৰিছে।  গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিয়া  এক গোচৰ সংক্ৰান্তত ৰাজ্যৰ শিক্ষাবিভাগে  পুনৰ  সাধাৰণ টেট অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধীতা কৰি  ৰাজ্যৰ একাংশ ঠিকা ভিত্তিক টেট শিক্ষকে প্ৰত্যাহ্বান জনাইছে  । ‘আমি অসমত টে’ট ৰ বিৰোধিতা কৰা নাই। আমাৰ মূল দাবীতো হ’ল পূৰ্বৰ প্ৰায় ৯ হাজাৰ পদৰ মাজত আমাক নিযুক্তি দিয়ক" বুলি উচ্চতম ন্যায়ালয়ৰ দাৰস্ত হোৱা ঠিকাভিত্তীক টে'ট শিক্ষক সকলে সংবাদ মাধ্যমৰ আগত নিজৰ মত  প্ৰকাশ কৰে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ ফলাফলৰ দিন ঘোষণা

Image
#১৪ জুলাই,২০১৯ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক পাঠ্যক্ৰমৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে। অহা ১৬ জুলাইত বিশ্ববিদ্যালয়খনৰ  কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা  শাখাৰ সান্মাষিকৰ ফলাফল ঘোষণা কৰা হ'ব । ১৬ জুলাইৰ পুৱা  ১১বজাৰ পৰা  স্নাতক দ্বিতীয় ,চতুৰ্থ আৰু সান্মাষিকৰ পৰীক্ষাৰ্থী সকলে  ফলাফল লাভ  কৰিব। পৰীক্ষাৰ ফলাফল চাবৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই  তিনিটা ৱেবচাইটৰ ব্যৱস্থা কৰিছে।ৱেবচাইটকেইটা হৈছে www.dibru.net, www.exametc.com আৰু www. indianresult.com।

আপোনাৰ সচেতনতাই ভূমিস্খলনৰ সময়ত ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব

#১৪ জুলাই ,২০১৯   ভূমিস্খলনৰ সময়ত আপুনি লোৱা কিছু পদক্ষেপে  ক্ষয়-ক্ষতি বহু পৰিমাণে  হ্ৰাস কৰিব পাৰে। ভূমিস্খলনৰ সময়ত সজাগ হওঁক,সচেতনত হওঁক , সাৱধান হওঁক। যিকোনো ধৰণৰ সহায়ৰ বাবে জিলা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ১০৭৭-ত যোগাযোগ কৰক। #DisasterManagement #Landslide

পথ দুৰ্ঘটনাত নিহতৰ আত্মীয়লৈ ৫ লাখ টকা আৰু আহত সকললৈ ২.৫ লাখ টকাৰ সাহাৰ্য্য

Image
#১৩ জুলাই,২০১৯ কেন্দ্ৰীয় চৰকাৰে পথ দুৰ্ঘটনাত আহত হোৱা আৰু নিহত হোৱা সকললৈ এখন বিশেষ আঁচনি গ্ৰহণ কৰিছে । আহত আৰু নিহত সকলৰ বাবে পৰিবহন মন্ত্ৰী নীতি গাডকাৰীয়ে লোকসভাত  Motor Vehicles (Amendment) Bill, 2019 নামৰ   এখন নতুন বিল দাখিল কৰিছে । এই আঁচনিৰ জৰিয়তে   পথ দুৰ্ঘটনাত নিহতৰ আত্মীয়ই ৫ লাখ টকা আৰু আহত সকলে  ২.৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য লাভ কৰিব । এই বিলখনত পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰত বহু কেইটা নতুন নিয়ম অন্তভুক্ত কৰা হৈছে আৰু লগতে  বহু নিয়ম অধিক শিথিল কৰা হৈছে বুলি কেন্দ্ৰীয়  পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে  সাং দ মাধ্যমক জানিবলৈ দিয়ে । 

মাধ্যমিক আৰু মাদ্ৰাছাৰ ঠিকাভিত্তিক শিক্ষক সকলৰ ম্যাদ এবছৰলৈ বৃদ্ধি

Image
#১৩ জুলাই,২০১৯  ৰাজ্যৰ মাধ্যমিক আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহত ঠিকাভিত্তিক নিয়োজিত হৈ থকা অতিৰিক্ত শিক্ষকসকলৰ চাকৰিৰ ম্যাদ  পুনৰ এক বছৰলৈ বৃদ্ধি কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে  ।  মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই এক অধিসূচনাৰ জৰিয়তে এই কথা  জানিবলৈ দিয়ে । ঠিকাভিত্তীক  শিক্ষকসকলৰ চাকৰিৰ ম্যাদ অন্ত পৰাত  চলিত বৰ্ষৰ যোৱা ১ মাৰ্চৰ পৰা ২০২০ৰ ২৯ ফেব্ৰুৱাৰিলৈ পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে। উল্লেখ যে ২০১০ চনত মাধ্যমিক আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা  শিক্ষকসকলৰ চাকৰিৰ ম্যাদ চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰিত অন্ত পৰিছিল । বিত্ত বিভাগৰ অনুমোদনৰ ভিত্তিত ৰাজ্য চৰকাৰে ঠিকাভিত্তীক শিক্ষক সকলৰ চাকৰিৰ ম্যাদ পুনৰ এবছৰৰ বাবে বৃদ্ধি  কৰে।

তেজপুৰ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে নতুনকৈ চাৰিটা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম

Image
#৭ জুলাই ,২০১৯ দেশৰ আগশাৰীৰ কেন্দ্ৰীয়  বিশ্ববিদ্যালয়  তেজপুৰ বিশ্ববিদ্যালয়ে চলিত শিক্ষা বৰ্ষৰ পৰা নতুনকৈ চাৰিটা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম  আৰম্ভ কৰিছে  । চলিত বৰ্ষৰ পৰা    বিশ্ববিদ্যালয়খনত  ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া, বিদেশী ভাষা(Foreign language), ফাৰ্মাচী আৰু ডিজাইন বিভাগত  স্নাতকোত্তৰ  ডিগ্ৰী  লাভ কৰিব পাৰিব  ।  বিভিন্ন সময়ত বিশ্ববিদ্যালয় খনত স্নাতকোত্তৰ বিভাগৰ পৰিসৰ বৃদ্ধি কৰিবলৈ জনোৱা আহ্বানক  সঁহাৰি জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নতুনকৈ এই চাৰিটা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

নিবনুৱা সকলৰ বাবে এটা সুখৰ বতৰা, নিযুক্তি দিয়া হ'ব ৭ লাখ পদ

Image
#৫ জুলাই,২০১৯ কেন্দ্ৰীয় চৰকাৰৰ  বিভিন্ন বিভাগত  খালী হৈ থকা  প্ৰায় ৭ লাখ পদ নিযুক্তি দিয়াৰ চিন্তা চৰ্চা কৰিছে  । কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ গঙ্গবাৰে এই কথা ঘোষণা কৰে । যোৱা বুধবাৰে সদনত  সাংসদ দীপক বেজ আৰু  দৰ্শনা জয়দৌশৰ  প্ৰশ্নৰ উত্তৰত  খালী হৈ থকা ৭ লাখ পদ সমূহ ২০১৯-২০ বৰ্ষৰ  ভিতৰতে নিযুক্তি দিয়া হ’ব বুলিও  মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখ যে খালী হৈ থকা ৭ লাখ পদৰ ভিতৰত  ২.৬ লাখ পদ  ৰে’লৱে বিভাগৰ ।