ভাল খবৰ ঘোষণা কৰা হ'ল প্ৰাথমিক আৰু মাধ্যমিক টে'টৰ দিন
#১ ছেপ্টেম্বৰ ,২০১৯ ৰাজ্যৰ শিক্ষা বিভাগে ২০১৯ বৰ্ষৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ টিচাৰছ ইলিজিবিলিটি টেষ্ট চমুকৈ টে’ট পৰীক্ষাৰ বাবে দিন ঘোষণা কৰিছে । শিক্ষা পৰিষদে ২০১৯ বৰ্ষৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ টিচাৰছ ইলিজিবিলিটি টেষ্ট পৰীক্ষাটো অহা ২০ অক্টোবৰত অনুষ্ঠিত কৰিব ।ইচ্ছুক অৰ্হতা সম্পন্ন প্ৰাৰ্থী সাকলে টিচাৰছ ইলিজিবিলিটি টেষ্ট পৰীক্ষাৰ বাবে আহা ২ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব পাৰিব । অনলাইন আবেদন কৰাৰ সময়ত সাধাৰণ শ্ৰেণীৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ পৰীক্ষাৰ্থী সকলে ৩২৫ টকা আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ পৰীক্ষাৰ্থী সকলে ৩০০ টকা আবেদনমাচুল জমা দিব লাগিব । পৰীক্ষাৰ্থী সকলৰ বয়স নুন্যতম ১৮ বছৰ হ'ব লাগিব । প্ৰাৰ্থী সকলৰ শিক্ষাগত অৰ্হতা প্ৰাথমিক পৰ্যায়ৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৫০% নম্বৰ সহ উত্তীৰ্ণ হ'ব লাগিব অৱশ্যে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫% ৰেহাই দিয়া হ'ব । মাধ্যমিক পৰ্যায়ৰ বাবে ৫০% স্নাতক ডিগ্ৰীধাৰি হব লাগিব ।অৱশ্যে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫% ৰ