Posts

Showing posts from 2019

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

Image
#১৯অক্টোবৰ,২০১৯ দিল্লী পুলিচত খালী হৈ থকা ৫৫৪টা কনিষ্টবল পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থী সকলে অহা ১৩ নৱেম্বৰ ২০১৯ৰ ভিতৰত অনলাইন যোগেদি আবেদন  কৰিব পাৰিব । খালী হৈ থকা মুঠ ৫৫৪ টা কনিষ্টবল পদৰ ৩৭২টা পদ পুৰুষৰ বাবে আৰু ১৮২ টা পদ মহিলাৰ বাবে । উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ'ব লাগিব । প্ৰাৰ্থী জন উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব । অনলাইন আবেদন কৰা সময়ত ১০০ টকাৰ আবেদন মাচুল জমা কৰিব লাগিব অধিক সহায়ৰ বাবে দিল্লী পুলিচৰ অফিচিয়েল ৱেবচাইট www.delhipolice.nic.in ৰ সহায় লব পাৰিব ।

নিযুক্তিৰ সুযোগ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত খালী হৈছে ২,৫৯০ টা পদ

Image
#৭ অক্টোবৰ,২০১৯ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত খালী হৈ থকা মুঠ ২,৫৯০ টা পদৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰি জাননী দিয়া  হৈছে । মেকানিকেল বিভাগৰ  মেচিনিষ্ট,ৱেল্ডাৰ, ফিটাৰ,কাৰ্পেণ্টাৰ,ডিজেল মেকানিক, পেইণ্টাৰ , ইলেক্ট্ৰিচিয়ান আদি বিভিন্ন শিতানত খালী হৈ থকা পদ সমূহৰ বাবে আবেদন বিচৰা হৈছে । উক্ত পদ সমূহ আলিপুৰদুৱাৰ ডিভিজন - ৪৩৭,ৰঙিয়া ডিভিজন-৩২৮, তিনিচুকীয়া ডিভিজন-৩৩১, নিউবঙাঈগাওঁ ৱৰ্কশ্বপ -১৫৬ ,ডিব্ৰুগড় ৱৰ্কশ্বপ ১৪৯ আৰু লামডিং ডিভিজনত ১০০৪ টা  পদত নিযুক্তি দিয়া হ'ব ।  উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ বা ইয়াৰ সমপৰ্যায়ৰ পাঠ্যক্ৰমত ৫০% নম্বৰ লাভ কৰি  উত্তীৰ্ণ হোৱা হ'ব লাগিব আৰু ৰাষ্ট্ৰীয় বা ৰাজ্যিক প্ৰশিক্ষণ পৰিষদৰ পৰা আই.টি.আই. প্ৰমাণপত্ৰধাৰী হ'ব লাগিব । উপৰোক্ত সকলো পদৰ বাবে প্ৰাৰ্থীৰ বয়স চলিত বৰ্ষৰ ১৮ ছেপ্টেম্বৰলৈ ১৫ বছৰৰ পৰা২৪ বছৰৰ ভিতৰত হ'ব লাগিব । অৱশ্যে এচ.টি.আৰু এচ.চি. প্ৰাৰ্থী সকলৰ বাবে চৰকাৰী বিধি অনুসৰি বয়সৰ ঊৰ্ধ সীমা ৰেহাই দিয়া হ'ব । ইচ্ছুক প্ৰাৰ্থী সকলে অহা ৩১ অক্টোবৰৰ ভিতৰত নিজা নিজা নথি পত্ৰৰ প্ৰতিলিপি সহ নিৰ্দ

টেটৰ আবেদন নাকচ হলে আবেদনকাৰীয়ে ঘুৰাই নাপাবও পাৰে আবেদনমাচুল

Image
#২৭ছেপ্টেম্বৰ,২০১৯ অহা ১০ নবেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব সাধাৰণ টেট পৰীক্ষা । পৰীক্ষা কাষ চাপি অহাৰ লগে লগে এতিয়া চিন্তিত হৈ পৰিছে একাংশ পৰীক্ষাৰ্থী । শেহতীয়াকৈ শিক্ষা বিভাগৰ এখন জাননী আৰু শিক্ষামন্ত্ৰীৰ এটা মন্তব্যই আৰু অধিক চিন্তিত কৰি তুলিছে পৰীক্ষাৰ্থী সকলক । এতিয়া যিকোনো মুহূৰ্ততে নাকচ হ'ব পাৰে একাংশ পৰীক্ষাৰ্থীৰ আবেদন । শিক্ষা বিভাগে টে’ট  বাবে বি.এড.আৰু  ডি এল এড উত্তীৰ্ণ বা অধ্যয়নৰত হ’ব লাগিব বুলি জাননী জাৰি কৰাৰ পিছত এই পাঠ্যক্ৰমৰ ডিগ্ৰী/ডিপ্ল’মা নথকা সকলে বিভিন্ন প্ৰতিষ্ঠানত নামভৰ্ত্তি কৰি ৰচিদ খন জমা কৰিছিল । পিছে শিক্ষামন্ত্ৰীয়ে শেহতীয়াকৈ ২০১৭ চনৰ পিছত ডি এল এড পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থী সকলৰ  D.EL.ED প্ৰমাণপত্ৰ বৈধ নহ’ব বুলি মন্তব্য কৰাৰ পিছত এতিয়া এই সকল পৰীক্ষাৰ্থীক বিপাঙত পেলাইছে । আনহাতেদি নামভৰ্ত্তি ৰচিদ জমা কৰিব নোৱাৰাৰ ফলত আবেদন নাকচ হোৱা পৰীক্ষাৰ্থী সকলৰ আবেদনমাচুল ঘুৰাই দিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি শিক্ষামন্ত্ৰীয়ে  মন্তব্য কৰে । অনলাইন আবেদন কৰাৰ সময়ত সম্পূৰ্ণ শুদ্ধ আৰু সত্য তথ্য দি আবেদন কৰা হৈছে বুলি টিক মাৰ্ক মাৰি আবেদন ক

বন্ধ হ'ব নেকি বি.এছ.এন.এল. ? ৪/৫ দিনত নিৰ্ণয় হ'ব ভৱিষ্যত

Image
#২৭ছেপ্টেম্বৰ,২০১৯ এটা এটাকৈ দেশৰ ৰাজহুৱা খণ্ডৰ  কোম্পানী সমূহ মৃত্যু মুখলৈ গতি কৰিছে । শেহতীয়াকৈ দেশৰ আন এটা ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানী মৃত্যু মুখলৈ গতিকৰাৰ খবৰে তোলপাৰ লগাইছে । ইতিহাস হৈ ৰব নেকি আপোনাৰ মোৰ অতিকৈ চিনাকি  বি.এছ.এন.এল. কোম্পানী হয়তো আপুনি আৰু নাপাব । আগন্তুক ৪-৫ দিনৰ ভিতৰত  ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানীটোৰ ভৱিষ্যত  নিৰ্ণয় হ'ব। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানীটো  কেনেদৰে পুনৰ্জীৱিত কৰিব পাৰি, সেই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ  আলোচনা অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে গঠন কৰি দিয়া  সচিব সমিতিয়ে আগন্তুক ৪/৫ দিনৰ ভিতৰত এক সিদ্ধান্তত উপনীত হৈ  বি.এছ.এন.এল. কোম্পানীক পুনৰ্জীৱিত কৰিব পাৰি নে নোৱাৰি তাৰ প্ৰতিবেদন দাখিল কৰিব লাগিব । সচিব সমিতিৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিছে এতিয়া  বি.এছ.এন.এলৰ ভৱিষ্যৎ । উল্লেখ্য যে বি.এছ.এন.এল. কোম্পানীক পুনৰ্জীৱিত কৰিব নোৱাৰিলে ১.৬৩ লাখ কৰ্মচাৰী অস্তিত্বৰ সংকটত পৰিব ।

আপুনি টেট পৰীক্ষাৰ বাবে আবেদন কৰিছে নেকি? তেন্তে এবাৰ এই নিউজটো পঢ়ক

Image
#২৭ছেপ্টেম্বৰ,২০১৯ বহুত কল্পনা জল্পনাৰ অন্ত পেলাই ৰাজ্যৰ শিক্ষা বিভাগে ৬বছৰৰ মূৰত পুনৰ টেট পৰীক্ষা অনুস্থিত কৰিবলৈ লৈছে । ইতিমধ্যে  টেট পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে । অহা ১০ নবেম্বৰত ৰাজ্যত টেট পৰীক্ষা অনুষ্ঠিত হ'ব। অনলাইন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতে শিক্ষা বিভাগে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে । অনলাইন আবেদন কৰা সকলৰ বি.এড. বা ডি.এল.এড. ডিগ্ৰী থকাটো বাধ্যতামূলক । বি এড বা ডি এল এড পঢ়ি থকা সকলে নামভৰ্ত্তি ৰচিদ জমা কৰিব লাগিব অনথা আবেদন নাকচ কৰা হ'ব আদি। এই নিৰ্দেশনা পোৱাৰ লগে লগে আবেদনকাৰী সকলৰ একাংশই শেহতীয়া কৈ বি.এড. আৰু ডি.এল.এড. পাঠ্যক্ৰমত নামভৰত্তি কৰি জমা কৰিছে । কিন্তু টেট পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শেহতীয়া এক বিশেষ মন্তব্যই এতিয়া চিন্তিত কৰিছে একাংশ আবেদনকাৰীক ‌।শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যে D.El.Ed পাঠ্যক্ৰমৰ গ্ৰহণযোগ্যতা ২০১৭ চনলৈকেহে আছিল । ২০১৭ চনৰ পিছত ডি এল এড পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থী সকলৰ  D.EL.ED প্ৰমাণপত্ৰ বৈধ নহ’ব । উল্ল

দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা ভাল খবৰ

Image
#২৭ছেপ্টেম্বৰ,২০১৯ দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা সুখৰ। ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যন চমুকৈ ডি আৰ ডি অ’ত খালী হোৱা ২২৪ টা বিভিন্ন পদৰ বাবে অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থী সকলে ২১ছেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত অনলাইযোগেৰে আবেদন পত্ৰ দাখিল কৰিব পাৰিব । খালি হৈ থকা এই পদ সমূহ কেৱল দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে ।  ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যনত  নিযুক্তিৰ বাবে মুকলি কৰি দিয়া পদ সমূহ হৈছে- #ষ্টেন’গ্ৰাফাৰ গ্ৰেড-II: ১৩টা পদ। #এডমিনিষ্ট্ৰেটিভ এছিষ্টেন্ট (এ): ৫৮টা পদ। #ষ্ট’ৰ এছিষ্টেন্ট (এ): ৩২টা পদ। #ছিকিউৰিটী এছিষ্টেন্ট (এ): ৪০টা পদ। #ক্লাৰ্ক (কেন্টিন মেনেজাৰ গ্ৰেড-III) : ৩টা পদ। #এছিষ্টেন্ট হালৱাই আৰু ৰান্ধনীঃ ২৮টা পদ। #ভেহিকল অপাৰেটৰ (এ): ২৩টা পদ। #ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ (এ): ৬টা পদ। #ফায়াৰমেনঃ ১৩টা পদ। #মুঠ পদ ২২৪ টা ।  উক্ত পদসমূহৰ  বাবে আবেদনকাৰীৰ  বয়স ১৮ৰ পৰা ২৭ বছৰ হ’ব লাগিব। আবেদনকাৰী সকলে অনলাইন

নগাওঁ আৰু কাছাৰ কাগজ কলৰ কেন্দ্ৰীয় চৰকাৰৰ বিনিয়োগ পুঁজি হৰলুকী,কাগজ কল কৰ্মী ইউনিয়ন

Image
#২৭ ছেপ্টেম্বৰ,২০১৯ হিন্দুস্হান কাগজ কলৰ নামত আৱন্তন হোৱা ৪১৪১ কোটি টকা হৰলুকী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি নগাওঁ কাগজ কল কৰ্মী ইউনিয়ন আৰু কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰকাৰ্চা ইউনিয়নে বৃহস্পতিবাৰে জাগীৰোডত এক সংবাদমেল সম্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰে ২০১৪চনৰ পৰা ২০১৮ চনলৈ কাগজ কল দুটাত বিনিয়োগ কৰা  ৪১৪১ কোটি টকাৰ এক বৃহৎ ধনৰাশি কল দুটাত বিনিয়োগ নকৰাৰ কথা সদৰী কৰে । উল্লেখ যে কেন্দ্ৰীয় চৰকাৰে ধন আৱন্তন দিয়াৰ অধিকাংশ সময় কল দুটা বন্ধ হৈ আছিল । কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী অৰবিন্দ সাৱন্তে সদনত কল দুটাত চাৰি বছৰত ৪১৪১ কোটি টকা বিনিয়োগ কৰাৰ কথা সদৰী কৰাৰ পিছতে এই বৃহৎ ধনৰাশি কত কত ব্যয় কৰিলে তাৰ তদন্তৰ দাবী জনাইছে সংগঠন দুটাই । ইতিমধ্যে দৰমহাৰ অভাৱত নগাঁও কাগজ কলৰ ৫৭ জন কৰ্মছাৰীয়ে মৃত্যুক আকোৱালী লোৱাৰ উপৰিও ৩ জনে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিনিয়োগ পুঁজিৰ ৪১৪১ কোটি টকা হৰলুকী কৰাৰ পিছত এচাম অসাধু চক্ৰয় কাগজ কল দুটাক ব্যক্তিগত কৰণ কৰিবলৈ উঠি পৰি লাগিছে বুলি সংগঠন দুটাই মন্তব্য কৰে । সৰ্বানন্দ সোনোৱাল চৰকাৰক এই বৃহৎ পুঁজি কত বিনিয়োগ কৰিলে তাৰ শ্ৰেত পত্ৰ প্ৰকাশ কৰাৰ লগতে তদন্তৰ দাব

অসম মাধ্যমিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল বাণিজ্য বিষয়

Image
#২৭ ছেপ্টেম্বৰ,২০১৯  অসম মাধ্যমিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমত প্ৰথমবাৰলৈ বাণিজ্য বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। ২০২০ শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলে বাণিজ্য বিষয়ক ঐচ্ছিক বিষয় হিচাপে গ্ৰহণ কৰিব পাৰিব । আনহাতেদি ২০২১ চনত দশম শ্ৰেণী বাণিজ্য বিষয়ক ঐচ্ছিক বিষয় হিচাপে  অন্তৰ্ভুক্ত কৰা হ’ব । আজি মাধ্যমিক শিক্ষা পৰিষদৰ উদ্যোগত গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত হোৱা এক বিশেষ সভাত ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই "An Introduction to Commerce" শীৰ্ষক পাঠ্যপুথি উন্মোচন কৰে । এই পাঠ্যপুথিৰ জৰিয়তে নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক একাউণ্টেন্সী, ইনচুৰেঞ্চ, বেংকিং বিষয়ত আভাস দিয়া হ'ব ৷ উক্ত অনুষ্ঠানত শিক্ষা বিভাগৰ বিষয়া, অসম মাধ্যমিক শিক্ষা পৰিষদৰ বিষয়ববীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকে৷ এই নতুন বিষয়ক লৈ শিক্ষা বিভাগে ৫ দিনীয়া এক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

তিৱা ছাত্র সন্থাৰ উদ্যোগত জাগীৰোডত নবাগত আদৰণি সভা

Image
#২৩ ছেপ্টেম্বৰ,২০১৯ জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে নবাগত আদৰণি সভা অনুষ্ঠিত হয় । জাগীৰোড মহাবিদ্যালয় প্ৰেক্ষাগৃহত ছাত্ৰ সংগঠনটোৱে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নবাগত আদৰণি সভা অনুষ্ঠিত কৰে । নবাগত ছাত্র-ছাত্ৰী সকলৰ মাজত এখন  সুস্থ শৈক্ষিক, মানসিক পৰিৱেশ সৃষ্টি কৰাৰ বাবে জনগোষ্ঠীয় ছাত্র সংগঠনটোৱে লৈছে এই পদক্ষেপ । বিগত কেইবছৰৰ দৰে বৰ্ণিল কাৰ্যসূচীৰে জাগীৰোডত নবাগত আদৰনি সভা অনুষ্ঠিত কৰি আহিছে । ছাত্ৰ সংগঠনটোৰ জাগীৰোড আঞ্চলিক সমিতি আৰু জাগীৰোড মহাবিদ্যালয় গোটে এই নবাগত আদৰণি সভা অনুষ্ঠিত কৰিছে । অনুষ্ঠানটোৰ মুকলি সভাত সদৌ তিৱা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নিবন আমচি , অল ট্ৰাইবেল য়ুথ লীগৰ সভাপতি ৰিমল আমচি , জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ, সদৌ কাৰ্বি ছাত্র সন্থাৰ সভাপতি চেমচং তেৰণ,তিৱা মাথনলাই তখ্ৰাৰ সভাপতি লালচিং মাদাৰ , তিৱা মাথনলাই তখ্ৰাৰ সাধাৰণ সম্পাদক বিদ্যুৎ বিকাশ সেনাপতি , তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তা , তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমনি ডেকাৰজাকে আদি কৰি জনগোষ্ঠীটোৰ কেইবাটাও জাতীয় সংগঠনৰ বিষয় ববীয়া সকল উপস্থিত থাকে । 

অহা ২৪ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচন , চৰ্চাত আহিছে এটা বিশেষ নাম সিদ্ধাৰ্থ পাটৰ

Image
#২২ছেপ্টেম্বৰ,২০১৯ অহা ২৪ ছেপ্টেম্বৰত ৰাজ্যৰ শিক্ষা ক্ষেত্ৰৰ প্ৰান কেন্দ্ৰ  স্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । কৃষ্ণচূডাৰ দেশত এতিয়া নিৰ্বাচনৰ বতাহ । বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে এতিয়া ব্যস্ত নিজা নিজা পচন্দৰ প্ৰাৰ্থী সকলৰ নিৰ্বাচনী প্ৰচাৰত । তেনে সময়তে এটি বিশেষ নামে চৰ্চা লাভ কৰিছে কৃষ্ণচূড়াৰ দেশত । বিশেষ ভাবে চৰ্চাত আছে বিশ্ববিদ্যালয়খনৰ আৰ.চি.চি. ২ ছাত্ৰাবাসৰ আবাসী ভূগোল বিভাগৰ তৃতীয় সান্মাষিকৰ  ছাত্ৰ সিদ্ধাৰ্থ পাটৰৰ নাম।২০১৯ বৰ্ষৰ আন্তঃ মহাবিদ্যালয় যুৱ সমাৰোহত বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি দলীয় নৃত্য প্ৰতিযোগীতাত প্ৰথম স্থান আৰু  যন্ত্ৰ সংগীত (Orchestra) প্ৰতিযোগীতাত দ্বিতীয় স্থান লাভ কৰা সিদ্ধাৰ্থ পাটৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০১৯-২০ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি পদত প্ৰতিদন্দিতা আগবঢ়াইছে। ইয়াকে লৈ সমৰ্থক সকলৰ মাজত তুমুল উৎসাহ দেখা পোৱা গৈছে ।

২১ অক্টোবৰত অসমৰ ৪ টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন

Image
#২১ ছেপ্টেম্বৰ,২০১৯ নিৰ্বাচন আয়োগে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। নিৰ্বাচন আয়োগে এক সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰে। দুয়োখন ৰাজ্যতে অক্টোবৰ মাহৰ ২১ তাৰিখে অনুষ্ঠিত নিৰ্বাচন অনুষ্ঠিত হ'ব ।নিৰ্বাচনৰ ফলাফল সমূহ অহা ২৪ অক্টোবৰত ঘোষণা কৰা হ'ব। আনহাতে নিৰ্বাচন আয়োগে অসমৰ ৪টা বিধানসভা সমষ্টিতো অহা ২১ অক্টোবৰ তাৰিখে উপ নিৰ্বাচন  অনুষ্ঠিত কৰিব । এইকথা আজি এক সংবাদমেলৰ জড়িয়তে জানিবলৈ দিয়ে ।  অসমৰ  উপ নিৰ্বাচন হ'ব লগীয়া বিধানসভা সমষ্টি কেইটা হৈছে সোণাৰী, ৰাতাবাৰী, জনিয়া আৰু ৰঙাপাৰাত । উল্লেখ যে বিগত লোকসভা নিৰ্বাচনৰ পিছতে অসমৰ এই চাৰিটা সমষ্টি জনপ্ৰতিনিধি শূণ্য হৈ আছিল।

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

Image
#20 September, 2019 Dhing College'o ratkanthi sirongkhewa (Political Science) pahake Assistant professor, shídai kirî Msa. Lakhinandan Bordoloi Kholar "Traditional Political Institutions of  Tiwas: A Study on change and continuity" ne shumuw tói shândewane  hõi Silchare Assam Universityne phána tor shawa Doctorate degreene muk go osga. Pe Assam Universityne Diphu campuse ratkanthi sirongkhewa pahake mul professor Dr. K. C. Dase kuríw pene shândeware Tiwa chate pángai lo tor tonga khada matgo hon laba phon-ga. Pene shândewa phari man kheblangá Tiwa chat go sina mushín pángai lo lam aw osga. Pego ching Pharew News phaljínge phána khágode sêwago chashégang.

লক্ষীনন্দ বৰদলৈয়ে লাভ কৰিলে অসম বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী

#২০ ছেপ্টেম্বৰ,২০১৯ৰাজ্যত তীব্ৰ গতিত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। ৰাজ্যত নতুনকৈ দুজন লোকৰ শৰীৰত পোৱা গৈছে মহামাৰী কৰ’ণা ভাইৰাছৰ অৱস্থিতি । শেহতীয়াকৈ কাৰ্বি আৰু মাজুলিৰ দুজন যুৱক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে । এই পৰ্যন্ত ৰাজ্যত ১১৭ জন লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগতে mn ggf গৰাকী লোক কৰ’ণাত মৃত্যু হৈছে । Mmmm m  ধিং মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক , বিশিষ্ট লেখক সাহিত্যিক ,বৌদ্ধিক কৰ্মী লক্ষীনন্দ বৰদলৈয়ে  তেখেতৰ "Traditional Political Institutions of Tiwas: A study on d and continuity" শীৰ্ষক বিষয়ত গবেষণাৰ বাবে শিলচৰস্হিত  অসম বিশ্ববিদ্যালয়ৰ সন্মাtনীয় ডক্টৰেট  ডিগ্ৰী লাভ কৰে । অধ্যাপক গৰাকীয়ে অসম বিশ্ববিদ্যালয় ডিফু কেম্পাছৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ কে চি দাসৰ তত্বাৱধানত গৱেষণা সম্পন্ন কৰিছিল । ডক্টৰ বৰদলৈয়ে গৱেষণাৰ জৰিয়তে জনগোষ্ঠীতোৰ যিকেইটা দিশ উলিয়াই আনিলে অনাগত দিনত নিশ্চিত ভাবে জনগোষ্ঠীতোৰ বিষয়ে অধ্যয়নৰ এক নতুন পথ মুকলি কৰিব । Uujd. 

জাগীৰোডৰ কপিলী দলংত বৃহৎ ফাঁট , আতংকিত জনতা

Image
#১৬ছেপ্টেম্বৰ,২০১৯ জাগীৰোডৰ পৰা মৰিগাঁও সংযোগী কপিলী দলংৰ কেইবাটাও স্থানত বৃহৎ বৃহৎ ফাঁট মেলিছে  । পুৱাই পথাচাৰী আৰু স্থানীয় লোকে দলংখনৰ ফাঁট সমূহ প্ৰত্যক্ষ কৰে । ১৯৬২  চনতে নিৰ্মাণ কৰা জাগীৰোডৰ পৰা মৰিগাঁও সংযোগী একমাত্ৰ দলংখন জৰাজিৰ্ণ অৱস্থাই এতিয়া ৰাইজক আতংকিত কৰিছে  । স্থানীয় ৰাইজে দলংখনত ফাঁট কেইটা প্ৰত্যক্ষ কৰি প্ৰশাসনক অৱগত কৰে যদিও কোন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । দলংখনত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে  বুলি স্থানীয় লোকে আশংকা কৰিছে ।আনহাতে জাগীৰোড-মৰিগাঁও সংযোগী এই দলংখনৰ ওপৰেদি এতিয়াও গধুৰ যান বাহন চলাচল কৰি আছে । মৰিগাঁও জিলা প্ৰশাসনে দলংখনৰ ওপৰেদি গধুৰ যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰা নাই । প্ৰশাসনে দলংখনক গুৰুত্ব সহকাৰে নললে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা কৰিছে ৰাইজে । দলংখন নিৰ্মাণৰ ক্ষেত্ৰত গড়কাপ্তানি বিভাগ আৰু নিৰ্মাণকাৰি সংস্থাই সেমাহি কৰাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ যে যোৱা ১০ ছেপ্টেম্বৰত দলংখন নিৰ্মাণৰ দাবীত মৰিগাঁও জিলাৰ কেইবাটাও জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

কপিল দেৱক আচাৰ্য হিচাপে নিযুক্তি

Image
#১৫ ছেপ্টেম্বৰ,২০১৯ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱক আচাৰ্য হিচাপে নিযুক্তি। খেলুৱৈ জনক হাৰিয়ানাৰ স্পটছ ইউনিভাৰ্চিটিৰ আচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে । এই নিযুক্তিত হাৰিয়ানাৰ চৰকাৰে অনুমোদন জনাইছে । উল্লেখ যে প্ৰথমবাৰৰ বাবে কোনো এগৰাকী খেলুৱৈয়ে  পোন প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে নিযুক্তি লাভ কৰিলে । 

অসম মহিলা বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তি

Image
#১৩ছেপ্টেম্বৰ,২০১৯  বৃহস্পতিবাৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি দিয়া হ'য় । ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ প্ৰথমখন মহিলা বিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি দিয়ে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ মালিনী গোস্বামীক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত নিযুক্তি দিয়া হয় ।

হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা

Image
#১১ ছেপ্টেম্বৰ,২০১৯ অসম মাধ্যমিক শিক্ষা বৰ্ডে ২০২০ বৰ্ষৰ অসম হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে  প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে । ২০২০ বৰ্ষৰ বাবে পৰীক্ষাৰ্থী সকলে  অহা অক্তোবৰ মাহৰ ১৪ তাৰিখৰ পৰা নবেম্বৰ মাহৰ ৯ তাৰিখৰ ভিতৰ প্ৰপত্ৰ পূৰণ কৰিব পাৰিব ।

জাগীৰোডৰ ভকতগাঁৱত গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ

Image
#১০ ছেপ্টেম্বৰ,২০১৯ সোমবাৰে জাগীৰোডৰ ভকতগাঁৱত গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ । ভকত গাঁৱত  কপিলী নদী দলং নিৰ্মাণৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাৱস্ত কৰে । জাগীৰোডৰ পৰা মৰিগাঁও সংযোগী মূল পথটোৰ কপিলী নদীৰ ওপৰত থকা দলংখন যোৱা ৯ বছৰে নিৰ্মাণ কাৰ্য সম্পন্ন নোহোৱাকলৈ অঞ্চলতোৰ ৰাইজ সকল ক্ষোভিত হৈ পৰে  । দলং খনৰ নিৰ্মাণৰ দায়িত্বত থকা ছিমপ্লেক্স কোম্পানীৰ বিৰুদ্ধে  দলং নিৰ্মাণত গাফিলতিৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে বাঘজাপ ত্ৰিবেণী সংঘ, AJYCP, KMSS , আছু আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও সংগঠনৰ সহযোগত অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰী জনতাই ঢোল, তাল , নেগেৰা, শংখ আদি লৈ হৰি নামৰ ধ্বনিৰে চৰকাৰ আৰু গড়কাপ্তানি বিভাগৰ সুমতি বিচাৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় । বিগত ৯ বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰা ছিমপ্লেক্স কোম্পানী আৰু গড়কাপ্তানি বিভাগৰ বিভাগৰ বিৰুদ্ধে চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত ধৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে । 

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Image
Jagiroad 10-09-2019 ## Khóna Sompar tino hóng líwa NEDAne melo Tiwa, Rabha arô Mising Autonomous Councilgo bo Sixth scheduled status salanglo osa máno honmandé BTC chief arô BPF partyne muhal Mungsa Hagrama Mohilary BJP chomot kiri arô Home Minister Msa. Amit Sah go pasêga. Hebe issue go salanglo solve rína mushín Home Ministergo Msa. Mohilary anggega. Pene logolo Assam khénshane ti pan (flood) arô krom waline problems go bo salanglo solution laba mushín bo melo anggega.

নেডাৰ বৈঠকত তিৱা,ৰাভা আৰু মিচিংৰ যষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰসংগ

Image
#১০ ছেপ্টেম্বৰ,২০১৯ যোৱা সোমবাৰে অনুষ্ঠিত হোৱা নেডাৰ বৈঠকত তিৱা,ৰাভা আৰু মিচিং যষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰসংগই স্থান লাভ কৰে । বি.টি.চি. প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নেডাৰ বৈঠকত তিৱা ,ৰাভা আৰু মিচিং স্বায়ত্বব শাসন প্ৰসংগতো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা নেডাৰ অধ্যক্ষ অমিত শ্বাহৰ আগত উত্থাপন কৰি  তিৱা,ৰাভা আৰু মিচিং সকলৰ দবী সমূহ পূৰ্ণ কৰি  অতি সোনকালে সমস্যাতো সমাধান কৰিবলৈ আহ্বান জনায় । লগতে বি.টি.চি. প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বানপানী আৰু উগ্ৰপন্থী সমস্যাৰ কথাও নেডাৰ অধ্যক্ষ গৰাকীক  অৱগত কৰে ।

ইছৰ’ৰ শেহতীয়া খবৰ সুকলমে আছে লেণ্ডাৰ বিক্ৰম

Image
#০৯ ছেপ্টেম্বৰ,২০১৯ সোমবাৰৰ দিনটোত ইছৰ’ৰ তৰফৰ পৰা দেশবাসীলৈ  এটা ভাল খবৰ আহিছে । ইছৰ'য়ে লেণ্ডাৰ বিক্ৰম সুকলমে আছে বুলি জানিবলৈ দিছে ।বৰ্তমানলৈকে  লেণ্ডাৰ বিক্ৰমৰ কোনো ধৰণৰ হানি হোৱা নাই ।আৰ্বিটাৰে শেহতীয়াকৈ লেণ্ডাৰ বিক্ৰমৰ কেইবাখনো ফটো ইছৰ'লৈ প্ৰেৰণ কৰা পিছত ইছৰৰ কৰ্তৃপক্ষই এই কথা সদৰি কৰিছে । অৱশ্যে লেণ্ডাৰ বিক্ৰমৰ হৈছে ইছৰ'য়ে বৰ্তমানলৈকে সংযোগ স্থাপন কৰিব পৰা নাই । ইছৰ’ৰ টীমে টেলিমেট্ৰিক ট্ৰেকিং আৰু কামাণ্ড নেটৰ্ৱকৰ জৰিয়তে সংযোগ স্থাপন কৰিবলৈ চেষ্টা চলাই আছে । উল্লেখ যে বিক্ৰমৰ সৈতে সংযোগ স্থাপন হলেই ৰভাৰ প্ৰজ্ঞানো সক্ৰিয় হৈ উঠিব।

JNU ৰ ছাত্ৰ ৰাজনীতিত উজ্জ্বলি উঠিল অসমৰ হিমাদ্ৰী

Image
#৯ছেপ্টেম্বৰ,২০১৯  জেএনইউৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত উজ্জ্বলি উঠিল অসমৰ হিমাদ্ৰী সোনোৱাল । ডিব্ৰুগড় জিলাৰ হিমাদ্ৰী সোনোৱাল জেএনইউৰ ছাত্ৰ একতা সভাৰ এচ.আই.এচ. কাউঞ্চিলাৰৰ পদৰ প্ৰাৰ্থী আছিল। অসমৰ হিমাদ্ৰীয়ে নিকটতম প্ৰতিদন্দী গৰিকীক  ৩৮৫ টা ভোটত পৰাস্ত কৰে । উল্লেখ যে হিমাদ্ৰী সোনোৱাল  জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আন্ত:ৰাষ্ট্ৰীয় সমন্ধত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰী ।

জাগীৰোডৰ পৰা মুক্তি লাভ কৰিলে নব নীলৰ মেকআপ ব্ৰেকআপ

Image
#৯ছেপ্টেম্বৰ,২০১৯ জাগীৰোডৰ উদীয়মান কন্ঠশিল্পী নব নীলৰ কন্ঠত "মেকআপ ব্ৰেকআপ" শীৰ্ষক এটি শ্ৰব্য কেছেট শুভমুক্তি লাভ কৰে  ৷ মেকআপ ব্ৰেকআপ শীৰ্ষক বিহুসুৰীয়া গীতটোৰ কথা আৰু সুৰ কন্ঠশিল্পী গৰাকীৰ নিজা ৷ জিতু দাসে প্ৰযোজনা কৰা শ্ৰুতিমধুৰ গীতটোক দৰ্শকে আদৰি লব বুলি আশাবাদী কন্ঠশিল্পী গৰাকী । আনহাতে সদ্য মুক্তি প্ৰাপ্ত এই গীতটোৱে শ্ৰুতা ৰাইজৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। https://youtu.be/-jHIrJ-2QNg

মানৱতাবাদী শিল্পী ড° ভূপেন হাজৰিকাৰ আজি জন্মদিন

Image
#৮ছেপ্টেম্বৰ,২০১৯ মানৱতাবাদী শিল্পী ড° ভূপেন হাজৰিকাৰ আজি ৯৩ সংখ্যক জন্মদিন। অসমৰ জনজীৱনৰ লগতে সমাজ জীৱনৰ বাস্তৱ সত্য বোৰক গীত সুৰৰ মাজেৰে অসমক  বিশ্ব দৰবাৰত প্ৰতিস্থিত কৰা বিশ্ব নাগৰিক ড°  ভূপেন হাজৰিকাৰ আজি  ৯৩ সংখ্যক  জন্ম দিন ।  ১৯২৬ চনৰ  ৮ছেপ্টেম্বৰ তাৰিখে  জন্ম হয়   মানৱতাবাদী শিল্পী জনৰ  । মহান শিল্পী গৰাকীৰ জন্মদিনটোত ফাৰেউ নিউজৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সোঁৱৰিছো । 

টেট পৰীক্ষাত কি কি বিষয়ৰ প্ৰশ্ন আহিব তাক জানিবলৈ পঢ়ক আমাৰ এই পষ্ট

Image
#৬ ছেপ্টেম্বৰ,২০১৯ ৰাজ্যৰ শিক্ষা বিভাগে ৭ বছৰৰ মূৰত পুনৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলাইছে । ইতিমধ্যে টেট পৰীক্ষাৰ বাবে অনলাইন আবেদন কৰিবৰ বাবে ৱেবচাইট মুকলি কৰি দিছে । ইচ্ছুক প্ৰাৰ্থী সকলে অহা ১৭ ছেপ্টেম্বৰৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব পাৰিব । ৰাজ্য চৰকাৰে এইবাৰ প্ৰাথমিক আৰু মাধ্যমিক দুয়োটা পৰ্যায়তপৰ্যায়তে টেট অনুষ্ঠিত কৰিব । প্ৰাথমিক আৰু মাধ্যমিক টেট পৰীক্ষাত কি কি বিষয়ৰ প্ৰশ্ন আহিব ? প্ৰাথমিক টেট - প্ৰাথমিক টেট পৰীক্ষাত মুঠ পাঁচটা বিষয়ৰ ওপৰত ৩০ নম্বৰকে ১৫০ নম্বৰৰ প্ৰশ্ন আহিব । ১/অসমীয়া (৩০) ২/ইংৰাজী(৩০) ৩/গণিত(৩০) ৪/শিশু বিকাশ আৰু শিক্ষণবিদ্যা(৩০) ৫/ পৰিৱেশ অধ্যয়ন(৩০) মাধ্যমিক টেট- মাধ্যমিক টেট পৰীক্ষাত মুঠ চাৰিটা বিষয়ৰ ওপৰত  ১৫০ নম্বৰৰ প্ৰশ্ন আহিব । ১/ ভাষা১ (৩০) ২/ ভাষা২ (৩০) ৩/শিশু বিকাশ আৰু শিক্ষণবিদ্যা(৩০) ৪/ (ক)সাধাৰণ গণিত আৰু বিজ্ঞান শিক্ষকৰ বাবে গণিত আৰু বিজ্ঞান (৬০) (খ)কলা শাখাৰ শিক্ষকৰ বাবে সমাজ বিজ্ঞান (৬০) টেট পৰীক্ষাত উত্তীৰ্ণ হবলৈ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৬০% আৰু এচ,টি আৰু এচ,চি  প্ৰাৰ্থীৰ বাবে ৫৫% নম্বৰ প্ৰয়োজন হ'ব ।

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

Image
#৫ছেপ্টেম্বৰ,২০১৯ শিক্ষা আৰু শিক্ষক এই দুইটাকে পবিত্র বুলি গণ্য কৰা হয় । ৫ছেপ্টেম্বৰ শিক্ষক দিৱস ভাৰতৰ প্ৰক্তন ৰাষ্ট্ৰপতি , কৃত্তী  শিক্ষক ,প্ৰখ্যাত দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত । তেওঁ দেউতাকৰ নাম আছিল বীৰা স্বামী আৰু মাতৃৰ নাম সীতামা । ৰাধাকৃষ্ণণে  ৮ বছৰ বয়স লৈকে নিজ গৃহত  পিতৃ-মাতৃৰ তত্বৱধানতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল । তাৰ  পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুলত নামভৰ্ত্তি কৰে । ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে লুথেৰান মিছন স্কুলত শিক্ষা লাভ কৰাৰ  পিছত ৰাধাকৃষ্ণণে ১৯০০ চনত ভেলোৰ কলেজত নামভৰ্ত্তি কৰে আৰু   ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ  পোন প্ৰথম বাৰৰ বাবে ভাৰতৰ  উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দ্বিতীয় বাৰলৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ হিচাপে নিৰ্বাচিত হয় ।  ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় । তেখেতে তেওঁৰ জীৱনত কৰ

চিকিৎসক হত্যাৰ প্ৰতিবাদত জাগীৰোডত মৌন প্ৰতিবাদী সমদল

Image
#৩আগষ্ট,২০১৯ টিয়ক চাহ বাগিচাৰ চিকিৎসক দেবেন দত্তৰ  হত্যাৰ প্ৰতিবাদত মৰিগাঁও জিলাৰ জাগীৰোডত  চিকিৎসক, কৰ্মচাৰী, চিকিৎসাসেৱাৰ লগত জড়িত ব্যক্তিসকলে হাতে হাতে  মমবাতি জ্বলাই মৌন সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ টিয়ক চাহ বাগিচাৰ চিকিৎসক দেবেন দত্তৰ  হত্যাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰা মাজতে জাগীৰোড  মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰী সকলে সন্ধিয়া এক   মৌন প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে  ৷ এনে জঘন্য ঘটনাৰ  পুনৰাবৃত্তি নহওক তাৰে কামনাৰে জাগীৰোডত চিকিৎসা কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰি নিহত চিকিৎসক জনৰ বিদেহী আত্মাৰ সদগতিৰ কামনা কৰে  ।

ভাল খবৰ ঘোষণা কৰা হ'ল প্ৰাথমিক আৰু মাধ্যমিক টে'টৰ দিন

Image
#১ ছেপ্টেম্বৰ ,২০১৯ ৰাজ্যৰ  শিক্ষা  বিভাগে  ২০১৯ বৰ্ষৰ প্ৰাথমিক আৰু  মাধ্যমিক পৰ্যায়ৰ   টিচাৰছ ইলিজিবিলিটি টেষ্ট চমুকৈ টে’ট পৰীক্ষাৰ বাবে  দিন ঘোষণা  কৰিছে ।   শিক্ষা পৰিষদে ২০১৯ বৰ্ষৰ প্ৰাথমিক আৰু  মাধ্যমিক পৰ্যায়ৰ   টিচাৰছ ইলিজিবিলিটি টেষ্ট পৰীক্ষাটো অহা ২০ অক্টোবৰত  অনুষ্ঠিত কৰিব ।ইচ্ছুক অৰ্হতা সম্পন্ন  প্ৰাৰ্থী সাকলে   টিচাৰছ ইলিজিবিলিটি টেষ্ট পৰীক্ষাৰ বাবে আহা  ২ ছেপ্টেম্বৰৰ  পৰা ১৭  ছেপ্টেম্বৰৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব পাৰিব ।  অনলাইন আবেদন কৰাৰ সময়ত সাধাৰণ শ্ৰেণীৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ  পৰীক্ষাৰ্থী সকলে  ৩২৫ টকা আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ পৰীক্ষাৰ্থী সকলে ৩০০ টকা আবেদনমাচুল জমা দিব লাগিব ।  পৰীক্ষাৰ্থী সকলৰ বয়স নুন্যতম ১৮ বছৰ হ'ব লাগিব । প্ৰাৰ্থী সকলৰ শিক্ষাগত অৰ্হতা প্ৰাথমিক পৰ্যায়ৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৫০% নম্বৰ সহ  উত্তীৰ্ণ হ'ব লাগিব অৱশ্যে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫% ৰেহাই দিয়া হ'ব । মাধ্যমিক পৰ্যায়ৰ বাবে ৫০% স্নাতক ডিগ্ৰীধাৰি হব লাগিব ।অৱশ্যে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫% ৰ

১৯৫১ ৰ পৰা ৮৩/ ৮৫ৰ মাজেৰে ২০১৯

Image
#৩১ আগষ্ট, ২০১৯ ১৯৫১ চনতো অসমৰ জাতীয় জীৱনৰ বাবে এটা ঐতিহাসিক বছৰ আছিল । ১৯৫১ চনত   কোনোৱে হয়তো  ভবা  নাছিল এটা সময়ত ৫১ চনৰ নাগৰিক পঞ্জীখন উন্নীত কৰা হ'ব । বৃটিছ শাসনৰ সময়ত কেঁচা সোণৰ দেশ অসমলৈ বিভিন্ন  কামৰ বাবে বৃটিছ চৰকাৰে   বনুৱা ৰূপত ভাৰতৰ বিভিন্ন স্থানৰ পৰা লাখে লাখে লোক প্ৰৱজন কৰাবলৈ  ধৰিলে ।   স্বাধীনতাৰ পিছত লোকপ্ৰিয় গোপীনাথ বৰদলৈকে আদি কৰি অসম মুলুকৰ নেতা সকলে  অনুপ্ৰৱেশকাৰী আৰু প্ৰৱজনকাৰীৰ  ভয়াৱহতাক  বুজি ভাৰত চৰকাৰক হেঁচা প্ৰদান কৰি  অনুপ্ৰৱেশকাৰী প্ৰত্যাৱৰ্তন আইন ১৯৫০ প্ৰণয়ন কৰাবলৈ বাধ্য কৰাইছিল  । ইয়াৰ পিছত ১৯৫১ চনত স্বাধীনতা ভাৰতৰ প্ৰথমটো লোকপিয়ল আৰম্ভ হ'ল নাগৰিক পঞ্জীৰ কাম  । আই.এচ. বিষয়া আৰ.বি. ভাগাইৱালাৰ তত্বাৱধানত  ১৯৫১ চনত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত নাগৰিক পঞ্জীৰ কাম  সম্পন্ন কৰা হয় ।   অসমত পুনৰ  কিয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম কৰিব লগীয়া হ'ল হয়তো এই কথাটো বহুতে জানে ,  হয়তো বহুতে নাজানে । তাৰ বাবে আমি  উভতি যাব লাগিব ১৯৭১ চনলৈ । ১৯৭১ চনত পূৱপাকিস্তানৰ মুক্তি আন্দোলন , পূৱপাকিস্তানৰ পৰা জাকে জাকে  শৰণাৰ্থী আহি অসমত প্ৰৱেশ কৰে । অৱশ্যে পূৱপাকি

তিনি মাহলৈ বৃদ্ধি আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়াৰ কাৰ্য্যকাল

Image
#৩১আগষ্ট,২০১৯ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ কাৰ্যকাল তিনি মাহৰ বাবে বৃদ্ধি কৰা হৈছে ।   শুকুৰবাৰে  কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক জাননী যোগে শইকীয়াৰ কাৰ্য্য কাল আৰু তিনিমাহৰ বাবে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে । উল্লেখ যে   বৰ্তমানৰ আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়াই  ৩১ আগষ্ট অৰ্থাৎ আজি অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল ।

বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত চাৰিজন ন্যায়াধীশক নিযুক্তি

Image
#৩০ আগষ্ট,২০১৯  উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ মুৰব্বী তথা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বৃহস্পতিবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদৰ কাৰণে চাৰিজন ন্যায়াধীশক নিযুক্তি দিয়ে ৷ নিযুক্তি লাভ কৰা  ন্যায়াধীশ চাৰিজন ক্ৰমে বি ৰামা সুব্ৰমনিয়াম, কৃষ্ণা মুৰাৰী, এছ ৰবিন্দ্ৰা ভট্ট আৰু হৃষীকেশ ৰয় ৷ ইয়াৰে হৃষীকেশ ৰয়ৰ ঘৰ অসমত । উল্লেখ যে হৃষীকেশ ৰয়ে বৰ্তমান  কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । 

শিক্ষক নিযুক্তিৰ বিজ্ঞাপন বাতিল , এমাহৰ ভিতৰত পাতিব লাগিব টেট পৰীক্ষা

Image
#২৯ আগষ্ট,২০১৯ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে  হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত খালী হৈ থকা ৪০৬৭ টা পদৰ বাবে দিয়া বিজ্ঞাপন বাতিল কৰিছে । শিক্ষা বিভাগে গুৱাহাটী উচ্চ ন্যালয়ত শপতনামা আকাৰে এই কথা জনাই । ৰাজ্য চৰকাৰক একমাহৰ ভিতৰত টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে ‌। 

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া

Image
#২৮ আগষ্ট,২০১৯ উৎকট গৰমে এতিয়া ৰাজ্যবাসীক দহিছে ৷ প্ৰখৰ ৰ'দৰ ফলত এতিয়া খেতি পথাৰত চিৰাল ফাঁট মেলিছে  । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ জাগীৰোডৰ পশ্চিম নগাঁৱৰ তিৱা ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে চোতাল খান্দি, চাৰিআলিৰ মুৰত ঢেঁকী পুতি ঢেঁকীৰ বিয়া পাতি  নেদেখাজনলৈ বুলি যোৱাকালি পুজাঅৰ্চনা  কৰে    ৷  গাঁৱৰ এজাক মহিলাই ঘৰে ঘৰে গৈ চোতাল খান্দি  জাকৈ-খালৈ,জাল-জুলুকি আদি চুৰ কৰি আনি এজাক বৰষুণৰ আশাত চাৰিআলিৰ মুৰত পথৰ দাঁঁতিত ঢেঁকী পুটি ঢেঁকী বিয়া পাতে ৷ গাঁৱৰ মহিলাসকলে  পৰম্পৰাগত ৰীতি নীতিৰে গাঁৱখনৰ ঘৰে ঘৰে চোতাল  খান্দি গৃহস্হৰ চোতালত প্ৰতিকীৰূপত এজন পুৰুষক ভেকুলী সাজাই বোকাৰে লুতুৰি-পুতুৰি কৰি বিভিন্ন পৰম্পৰাগত গীত জুৰি মহিলাৰ দলটোৱে  নৃত্য কৰি নেদেখাজনৰ ওচৰত বৰষুণ বিচাৰি প্ৰাৰ্থনা কৰে  ৷  উল্লেখ যে  বৰষুণ নহৈ খেতিপথাৰ নষ্ট হ'লে ভগৱানৰ ওচৰত বৰষুণ বিচাৰি  তিৱা সকলে পৰম্পৰাগত ঢেঁকী বিয়া বা ঢ়েঁকী পুটা অনুষ্ঠান পাতে । এনে কৰিলে বৰষুণ হয় বুলি তিৱা সকলৰ মাজত জনবিশ্বাস আছে । 

অৰণ্য মানৱ যাদৱ পায়েঙলৈ আনন্দৰাম একাডেমী বঁটা

Image
#২৮ আগষ্ট,২০১৯ অৰণ্য মানৱ, পদ্মশ্ৰী বঁটা প্ৰাপক যাদৱ পায়েঙলৈ ২০১৯ বৰ্ষৰ আনন্দৰাম একাডেমী  বঁটা আগবঢ়োৱা হৈছে ।  অহা ৫ ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱসৰ দিনাই অৰণ্য মানৱ যাদৱ পায়ঙক অনুষ্ঠানিকভাবে এই বঁটা প্ৰদান কৰা হ'ব । 

চূড়ান্ত এন আৰ চি ত আপোনাৰ নাম কেনেকৈ চাব ?

Image
#২৮ আগষ্ট,২০১৯ চূড়ান্ত এন.আৰ.চি. প্ৰকাশ পাবলৈ মাত্ৰ ৪৮ ঘণ্টা বাকী । অহা ৩১ আগষ্ট তাৰিখে প্ৰকাশ পাব লগীয়া  এন.আৰ.চিৰ চূড়ান্ত তালিকাত   আপোনাৰ নাম আহিছে নে  নাই সেয়া চাবলৈ এন.আৰ.চি. কতৃপক্ষই জাননী জাৰী কৰিছে । জনসাধাৰণৰ  যিকোনো সমস্যাৰ বাবে এন আৰ চি কতৃপক্ষই হেল্পলাইন নম্বৰ মুকলি কৰিছে  ।  হেল্পলাইন নম্বৰ কেইটা হৈছে - অসমৰ বাবে ১৫১০৭ আৰু বহিঃৰাজ্যৰ বাবে হেল্পলাইন নম্বৰ ১৮০০৩৪৫৩৭৬২ৰ সৈতে যোগাযোগ কৰিব পাৰিব । এন.আৰ.চি.  কৰ্তৃপক্ষৰ অফিচিয়েল ৱেবচাইট w.w.w.nrcassam.nic.in ত গৈ নিজৰ নাম চূড়ান্ত তালিকাত প্ৰকাশ পাইছে নে নাই তাক পৰীক্ষা কৰিব পাৰিব ।

কাগজ কলৰ ছাত্র-ছাত্ৰীক অসম নাগৰিক সমাজৰ আৰ্থিক সাহাৰ্য

Image
#২৭ আগষ্ট,২০১৯ অসম নাগৰিক সমাজৰ উদ্যোগত নগাঁও কাগজ কলৰ আৰ্থিক ভাৱে দুৰ্বল ছাত্র-ছাত্ৰী সকলক আৰ্থিক  সাহায্য প্ৰদান । সোমবাৰে জাগীৰোড মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত হোৱা এক বিশেষ অনুষ্ঠানত  অসম নাগৰিক সমাজে নগাঁও কাগজ কলৰ আৰ্থিক ভাৱে দুৰ্বল ৫২ জন  ছাত্র-ছাত্ৰীক   ১০,০০০ টকাকৈ    প্ৰায় ৫ লাখ টকা  এককালীন  আৰ্থিক সাহাৰ্য  প্ৰদান কৰে । আৰ্থিক দৈন্যতাই যাতে কাগজ কলটোৰ   ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞান অৰ্জনৰ পথত হেঙাৰ হ'ব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ।  উক্ত সাহায্য সভাত উপস্থিত থাকে অসম নাগৰিক সমাজৰ সম্পাদক  পৰেশ মালাকাৰ , উপ সভাপতি তথা অসমৰ  জেষ্ঠ সাংবাদিক  প্ৰসান্ত ৰাজগুৰু , বিত্তীয় সম্পাদক   সিদ্ধাৰ্থ  দাস , জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভৱেন চন্দ্ৰ  নেওগকে আদি কৰি অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অসম নাগৰিক সমাজৰ এই মহৎ পদক্ষেপক  নগাঁও কাগজ কলৰ সমূহ ৰাইজে সলাগ  লৈছে  ।

তপন ডেকা হ'ব ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান

Image
#২৬ আগষ্ট,২০১৯ তপন ডেকা হ'ব ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান । অহা ১ ছেপ্টেম্বৰত তাৰিখে ১৯৯৮৮ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱা বিষয়া তপন ডেকাই  ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰিব  । তপন ডেকা বৰ্তমান আই.বিৰ উত্তৰ পূৰ্বৰ যুটীয়া সঞ্চালকৰ দ্বায়িত্বত আছে । একালৰ সদৌ অসম ছাত্র সন্থাৰ   নেতাৰ  তপন ডেকা এতিয়া অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দ্বায়িত্ব গ্ৰহণ কৰিব ।  ডেকই  বৰ্তমানলৈকে কেইবাটাও ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী বিৰোধী অভিযানৰ নেতৃত্ব দিছিল  । উল্লেখ যে অহা ৩১ আগষ্ট তাৰিখে বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই অবসৰ গ্রহণ কৰিব  ।

ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অসম-মেঘালয় সীমান্তত মহামাৰী

Image
#২৫ আগষ্ট,২০১৯ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অসম-মেঘালয় সীমান্তৰ কেইবাটাও অঞ্চলত মহামাৰীয়ে দেখা দিছে । অসম-মেঘালয় সীমান্তৰ  মানকাছাৰ মহেন্দ্ৰগঞ্জ আদি বিভিন্ন অঞ্চলত   খজুৱতি ৰোগে মহামাৰীৰ ৰূপ  ধৰণৰ কৰিছে । অঞ্চল দুটাৰ  হাজাৰ হাজাৰ লোক খজুৱতি ৰোগত আক্ৰান্ত হৈ হাহাকাৰ কৰিব লগীয়া হৈছে । বিগত দুই বছৰ ধৰি ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অসম-মেঘালয় সীমান্ত অঞ্চলটোত এই  ৰোগৰ প্ৰাৰ্দুভাব হৈছে। পুৰুষ, মহিলা, শিশু, বৃদ্ধ সকলোৰে দেহত এই ৰোগে দেখা দিছে । এই ৰোগ  বতাহৰ বেগেৰে ইখনৰ পিছত  সিখন গাঁৱলৈ ভয়াবহ ৰূপত বিয়পিবলৈ ধৰিছে । উপযুক্ত চিকিৎসাৰ অভাৱত এতিয়া অঞ্চলটোৰ ৰাইজ যন্ত্ৰণাত জীৱন অতিবাহিত কৰিব লগীয়া হৈছে । এই ৰোগ এটা এলেকাত নাথাকি চাৰিও দিশে সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।